ধেমাজিত পুথিভঁৰালৰ মাটি বেদখলত নামিল বিজেপি নেতা কৰ্মী আৰু চিকিৎসক…

ধেমাজিত পুথিভঁৰালৰ মাটি বেদখলত নামিল বিজেপি নেতা কৰ্মী আৰু চিকিৎসক…

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি নগৰৰ মাজমজিয়াত ১৯৭৩ চনতে স্থাপিত নলনীপাম পুথিভঁৰালৰ মাটি বেদখল কৰিছে শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ কেইজনমান নেতা কৰ্মীয়ে ৷ এই অভিযোগ নলনীপাম পুথিভঁৰাল পৰিচালনা কমিটিৰ ৷

বৃহস্পতিবাৰে ধেমাজি প্ৰেছ ক্লাবত আয়োজন কৰা এক সংবাদ মেলত নলনীপাম পুথিভঁৰাল পৰিচালনা সমিতিৰ সভাপতি আদিত্য কোঁচ আৰু সাধাৰণ সম্পাদক কৃষ্ণ বৰদলৈয়ে কয় যে, ধেমাজি নগৰৰ মাজমজিয়াত থকা নলনীপাম বজাৰৰ সন্মুখত ধেমাজিৰ একাংশ বিশিষ্ট ব্যক্তিৰ প্ৰচেষ্টাত ১৯৭৩ চনতে এটি পুথিভঁৰাল স্থাপন কৰিছিল নলনীপামত ৷

পৰৱৰ্তী সময়ত ৰাইজৰ আবেদন মৰ্মে তেতিয়াৰ ধেমাজিৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা চৰজমিন তদন্ত মৰ্মে ধেমাজি মহকুমা ভুমি উপদেষ্টা পৰিষদে উক্ত পুথিভঁৰালৰ গুৰুত্ব বুজি নলনীপাম পুথিভঁৰালৰ নামত ধেমাজিৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ধেমাজি নগৰ ৪ নং ব্লক মেপত ১৯০ দাগ মৰ্মে ৪ নং ম্যাদী পট্টাত ৪ কঠা ৭ লেচা মাটি আৱন্টন দিয়ে ১৯৭৩/৭৪ চনতে ৷

তেতিয়াৰে পৰা নলনীপাম পুথিভঁৰালত কিতাপ পত্ৰ ৰাখি ৰাইজৰ লগতে ছাত্ৰছাত্ৰীক জ্ঞানৰ পোহৰ বিলাই আহিছে ৷ সিমানেই নহয় নলনীপাম পুথিভঁৰাল পৰিচালনা কমিতিৰ যুৱকযুৱতী সকলে ধেমাজিৰ ৰাইজক জ্ঞানৰ পোহৰ বিলোৱাৰ লগতে এম্বুলেন্স সেৱা প্ৰদান কৰি মানৱ দৰদী কামকাজ অব্যাহত ৰখাৰ ফলত ৰাইজৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷

ইয়াৰোপৰি আৰ্তজনক সহায় কৰা, মৃতকৰ সৎকাৰৰ হেতু বিনামূলীয়া খৰি প্ৰদান কৰা, কলাকুশলীৰ উৎকৰ্ষ সাধন কৰাৰ দৰে সমাজসেৱা মুলক কাম কৰি আহিছে ৷ কিন্ত বতৰ্মান ধেমাজি নগৰখনেই ব্যস্ততম হোৱাত নলনীপাম পুথিভঁৰাললৈকে দোকান বজাৰ বহি চহৰখন আগুৱাই গৈছে ৷

এনে সুযোগ বুজি মিলন ডেকা নামৰ এজন ধেমাজি বিজেপিৰ কৰ্মী , শিক্ষক গনেশ কোঁছ, চিকিৎসক ডাঃ দেৱজিৎ দলৈ, ব্যৱসায়ী ৰাকেশ দলৈ, লাটু বৰদলৈ আৰু সুভাষ দত্ত আদিয়ে উক্ত মাটি বেদখল কৰি ব্যৱসায় বানিজ্য কৰিবলৈ চক্ৰান্ত অব্যাহত ৰাখিছে বুলি সংবাদমেলত বিষয়ববীয়াদ্বয়ে বক্তব্যত উল্লেখ কৰে ৷ সংবাদমেলত বেদখলৰ বিৰুদ্ধে নলনীপাম পুথিভঁৰাল পৰিচালনা সমিতিয়ে ধেমাজি ৰাজহ চক্ৰ বিষয়া আৰু ধেমাজিৰ উপায়ুক্তক লিখিত ভাৱে সমগ্ৰ বিষয়টো ইতিমধ্যে অৱগত কৰিছিল যদিও আজি পৰ্যন্ত উক্ত গুৰুত্বপুৰ্ণ বিষয়টোৰ সন্দৰ্ভত কোনো ধৰনৰ ব্যৱস্থা গ্ৰহন কৰা নাই বুলি অভিযোগ কৰিছে৷

এই বেদখলকাৰী কাণ্ডক তীব্ৰ ভাষাৰে গৰিহনা দি নলনীপাম পুথিভঁৰাল পৰিচালনা সমিতিৰ যুৱকযুৱতী সকলে মাটি বেদখল কাৰ্য্যৰ পৰা উক্ত দুষ্ট চক্ৰক আতৰি থাকিবলৈ সকীয়াই দিয়ে ৷ অন্যথা উক্ত বেদখলকাৰী বিৰুদ্ধে গুৱাহাটি উচ্চ ন্যায়ালয়ত গোচৰ দিয়াও সিদ্ধান্ত গ্ৰহন কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in