হাৱালা গোচৰত কলকতা আৰক্ষীয়ে সোধা পোছা চলাইছে বিজেপি নেতা মুকুল ৰয়ক…

হাৱালা গোচৰত কলকতা আৰক্ষীয়ে সোধা পোছা চলাইছে বিজেপি নেতা মুকুল ৰয়ক…

ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ বিজেপি নেতা মুকুল ৰয়ক শনিবাৰে এক হাৱালা গোচৰত কলকতা আৰক্ষীয়ে আটক কৰি সোধাপোছা চলাইছে। আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি, হাৱালাৰ জৰিয়তে ক'লা ধনৰ লেন-দেনৰ গোচৰৰ অভিযোগত সোধা পোছা অব্যাহত ৰখা হৈছে বিজেপি নেতাগৰাকীক।

ইয়াৰ পূৰ্বে পশ্চিম বংগৰ এখন আদালতে এই গোচৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছিল কলকতা আৰক্ষীক। তাৰ পিছতে আৰক্ষীয়ে দাখিল কৰা এজাহাৰত উল্লেখ কৰে মুকুল ৰায়ৰ নাম। সদ্যহতে কালীঘাট আৰক্ষী থানাত মুকুল ৰয়ক সোধাপোছা অব্যাহত ৰখা হৈছে যদিও গোচৰ সন্দৰ্ভত কোনো বিশেষ তথ্য আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি সদৰী কৰিছে আৰক্ষীৰ এক সূত্ৰই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in