শেহতীয়া খবৰ
কৃষ্ণাই প্ৰেছ ক্লাবৰ মনোজ্ঞ অনুষ্ঠান, শৰতৰ জোনাকত এখন্তেক  •  ৰাজনীতি ত্যাগ কৰিব ৰাজ্যৰ এগৰাকী কংগ্ৰেছ বিধায়কে! VIDEO  •  ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...

বেট লৈ পৌৰ নিগমৰ বিষয়াৰ ওপৰত আক্ৰমণ বিজেপি বিধায়কৰ, আৰক্ষীয়ে কৰিলে গ্ৰেপ্তাৰ, চাওঁক VIDEO

286

ডিজিটেল ডেস্কঃ বুধবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব কৈলাশ বিজয়বৰ্গীয়ৰ পুত্ৰ তথা বিজেপি বিধায়ক আকাশ বিজয়বৰ্গীয়ে ইন্দোৰত পৌৰ সভাৰ এজন কৰ্মচাৰীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। তাৰপাছতে আকাশ বিজয়বৰ্গীয়ক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। তেওঁৰ বিৰুদ্ধে ধাৰা ৩৫৩, ২৯৪, ৫০৬, ১৪৭ আৰু ১৪৮ অনুসৰি গোচৰ ৰুজু কৰা হৈছে আৰক্ষী থানাত।

উল্লেখ্য যে, গঞ্জী কম্পাউণ্ডাৰস্থিত অবৈধ বাসগৃহ উচ্ছেদৰ বাবে পৌৰ নিগমৰ এটা দল উপস্থিত হৈছিল উক্ত স্থানত। তাৰপাছত ইন্দোৰ-৩ সমষ্টিৰ বিধায়ক আকাশ বিজয়বৰ্গীয়ই পৌৰ নিগমৰ বিষয়াক কয় যে, যদি ৫ মিনিটৰ ভিতৰত ইয়াৰ পৰা উভতি নাযায় তেন্তে যিকোনো পৰিস্থিতিৰ দায়িত্ব আপোনালোকৰ হ’ব।

তদুপৰি বিধায়ক বিজয়বৰ্গীয়ই জেচিবিৰ চাবি কাঢ়ি লয়। কিন্তু পৌৰ নিগমৰ দলটো উভতি যাবলৈ অমান্তি হোৱাত আকাশ বিজয়বৰ্গীয়ই ক্ৰিকেট বেটেৰে বিষয়া কেইগৰাকীক আক্ৰমণ কৰে। ইফালে, এই সমগ্ৰ ঘটনাৰ এটি ভিডিঅ’ ইন্টাৰনেটত ভাইৰেল হৈ পৰে। ইন্দোৰত সংঘটিত এই ঘটনাৰ সময়চোৱাত বিধায়কগৰাকীয়ে বেটেৰে পৌৰ নিগমৰ বিষয়া কেইগৰাকীক আক্ৰমণ কৰা দেখা পোৱা গৈছে। আনহাতে, মধ্যপ্ৰদেশৰ গৃহ মন্ত্ৰী বালা বচ্চনে সংবাদমাধ্যমৰ আগত কয়- ‘যিমানে ডাঙৰ নেতা নহওঁক কিয়, কোনোবাই হাতত আইন তুলি ল’লে তেন্তে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি