শেহতীয়া খবৰ
নাগৰিকত্ব সংশোধনী আইনে অসমৰ ভাষা, সংস্কৃতি বিপন্ন কৰিব, অসমত ২০২৬ বৰ্ষত হ’বলগীয়া নিৰ্বাচনত অসমীয়াই অস্তিত্ব হেৰুৱাবঃ অগপ বিধায়ক  •  বৰ্ণিল সাংস্কৃতিক বিনিময় অনুষ্ঠানেৰে সামৰণি পৰিল ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ, অসমৰ চহকী কৃষ্টি-সংস্কৃতি দেখি আশ্চৰ্য প্ৰকাশ অষ্ট্ৰেলিয়াৰ পৰ্যটকৰ  •  নগাঁৱৰ জাৰামাৰীত বোৱাৰী হত্যাৰ অভিযোগ, আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা স্বামীৰ, আৰক্ষীৰ জালত স্বামী আনছাৰুল ইছলাম  •  বৰহোলাত জোতাৰ দোকানত পিষ্টলসহ গুলী উদ্ধাৰঃ দুজনক গ্ৰেপ্তাৰ  •  সিদ্ধাৰ্থ ভট্টাচাৰ্যই এডমিশ্বন নিদিলে হিমন্তক বিজেপিত এডমিশ্বনে নিদিয়ে, য’তেই পাৱাৰ থাকে তাতেই থাকে হিমন্তঃ তৰুণ গগৈ  •  অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা, সমাজকৰ্মী ভূৱন চন্দ্ৰ শইকীয়াৰ মৃত্যু, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তকে ধৰি দল-সংগঠনৰ শোক প্ৰকাশ  •  নাৰায়ণপুৰত কা বিৰোধী গণ গৰ্জন কাৰ্যসূচীত জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকা, ২১ত জাতিদ্ৰোহী বিজেপিক উৎখাতৰ সংকল্প, VIDEO  •  বনিয়াকুছিত "কা" বাতিলৰ দাবীত জনসভা, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল পুতলা মুখ্যমন্ত্ৰীঃ অজিত কুমাৰ ভূঞা, VIDEO  •  আই এন এক্স মিডিয়া কেলেংকাৰীঃ ই ডি কাৰ্যালয়ত সোধ-পোছ কংগ্ৰেছ সাংসদ কাৰ্তি চিদাম্বৰামক...  •  ক্ৰমাৎ সুস্থ হৈছে আৰ্চাৰ শিৱাংগিনী গোঁহাই...

অভিনেত্ৰী সকলে কেৱল ডান্স কৰিব লাগেঃ বিজেপি নেতাৰ বিৰ্তকিত মন্তব্য…

471

ডিজিটেল ডেস্কঃ জে এন ইউৰ শিক্ষাৰ্থীসকলৰ প্ৰতিবাদস্থলীত উপস্থিত হৈ প্ৰতিবাদলৈ সমৰ্থন জনোৱাৰ কথা প্ৰকাশ কৰাৰ পাছতে বিজেপি বিভিন্ন নেতাই কটাক্ষ কৰিছে অভিনেত্ৰী দীপিকা পাডুকনক। শেহতীয়াকৈ অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিনেত্ৰীগৰাকীয়ে সস্তীয়া জনপ্ৰিয়তাৰ বাবে এই কাৰ্য কৰা বুলি মন্তব্য কৰাৰ পিছত দেশৰ আন বিজেপি নেতাই দীপিকা কৰিছে কটাক্ষ।

View image on Twitter

মধ্য প্ৰদেশ বিজেপি নেতা গোপাল ভাৰ্গৱে দীপিকাৰ এই কাৰ্যক কটাক্ষ কৰি কয়, অভিনেত্ৰীসকলে কেৱল ডান্স কৰিব লাগে মুম্বাইত থাকি। জে এন ইউৰ প্ৰতিবাদস্থলীলৈ যাবলৈ কি দৰকাৰ আছিল। বৰ্তমান সময়ত এনে বহু লোকৰ জন্ম হৈছে যিয়ে সমাজপ্ৰিয় শিল্পীৰ মৰ্যদা লবলৈ যায়।’

উল্লখ্য যে, যোৱা ৫ জানুৱাৰীত জে এন ইউৰ শিক্ষক-শিক্ষাৰ্থীৰ ওপৰত বিশ্ববিদ্যালয় চৌহদতে প্ৰহাৰ কৰাৰ পাছত প্ৰতিবাদত বহিছিল শিক্ষাৰ্থীসকল। আৰু এই প্ৰতিবাদস্থলীতে গৈ উপস্থিত হৈছিলগৈ বলিউদৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকন।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি