আছুৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা বিজেপিৰ যুৱ নেতাক প্ৰহাৰ! ৩জনৰ বিৰুদ্ধে এজাহাৰ দাখিল

আছুৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা বিজেপিৰ যুৱ নেতাক প্ৰহাৰ! ৩জনৰ বিৰুদ্ধে এজাহাৰ দাখিল

ডিজিটেল সংবাদ, বকোঃ ভাৰতীয় জনতা পাৰ্টিৰ যুৱনেতা এজনক আছু আৰু প্ৰাক্তন আছু নেতাই প্ৰহাৰ কৰাৰ ঘটনাই তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে কামৰূপ জিলাৰ বকোত। অভিযোগ অনুসৰি বৃহস্পতিবাৰে দিনৰ প্ৰায় ১১ বজাত বকো থানাৰ সন্মুখতে বিজেপিৰ যুৱ মৰ্চাৰ সম্পাদক কুশল বৰাক দক্ষিণ পশ্চিম কামৰূপ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আজিত আলী, কামৰূপ জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক ধনঞ্জয় মেধী আৰু গুৱাহাটী মহকুমা ছাত্ৰ সন্থাৰ উপ-সভাপতি পবন কলিতাই মাৰধৰ কৰে।

এই সন্দৰ্ভত বিজেপিৰ যুৱ নেতাজনে বকো থানাত এখন এজাহাৰ দাখিল কৰিছে আছু আৰু প্ৰাক্তন আছু নেতাকেইজনৰ বিৰুদ্ধে। ইফালে আছু নেতাসহ প্ৰাক্তন আছু নেতা তিনিগৰাকীয়ে জানিবলৈ দিয়া মতে, কুশল বৰা নামৰ বিজেপিৰ যুৱ নেতাজনে দীৰ্ঘদিন ধৰি ছ'চিয়েল মিডিয়াত আছুৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই আহিছিল।

শেহতীয়াকৈ বুধবাৰে বিজেপি নেতাজনে ফেচবুকত 'আছু বৃদ্ধ লোকৰ সংগঠন আৰু আছু বালিৰ গাড়ীৰ পৰা ধন সংগ্ৰহ কৰা সংগঠন' বুলি অপপ্ৰচাৰ চলোৱাৰ অভিযোগ তুলি বৃহস্পতিবাৰে থানাৰ সন্মুখতে বিজেপি নেতাজনৰ বাট ভেটি মাৰ ধৰ কৰে আছু নেতাকেইজনে। লগতে ভৱিষ্যতে আছুৰ বিৰুদ্ধে তথ্য প্ৰমাণ নোহোৱাকৈ এনে অপপ্ৰচাৰ নচলাবলৈও সকিয়নী প্ৰদান কৰে।

ইফালে এনে কাৰণতে দুয়ো পক্ষৰ মাজত যুক্তি তৰ্কৰ সূত্ৰপাত হৈ পৰিস্থিতিৰ অৱনতি ঘটাত অৱশেষত স্থানীয় লোক আহি সেয়া শান্ত কৰিবলৈ সক্ষম হয়। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি সেই সময়ত আছু নেতা আজিত আলীয়ে বিজেপি নেতাজনৰ দেহত উপৰ্য্যুপৰি প্ৰহাৰ কৰাৰ বিপৰীতে ধনঞ্জয় মেধী আৰু পবন কলিতাই কাজিয়া ভঙাৰ বাবেহে চেষ্টা চলাইছিল। কুশল বৰাই আছু নেতাকেইজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছত আৰক্ষীয়ে তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in