বিহপুৰীয়াৰ ৫ শতাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ বিজেপি নেতা অমিয় ভূঞাৰ…

বিহপুৰীয়াৰ ৫ শতাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ বিজেপি নেতা অমিয় ভূঞাৰ…

ডিজিটেল সংবাদ, বিহপুৰীয়া : যি সময়ত দুৰ্গম অঞ্চলত বানত আবদ্ধ লোক সকলক চৰকাৰ প্ৰশাসনে সাহাৰ্য প্ৰদানত চূড়ান্ত হেমাহি কৰিছে ঠিক তেনে সময়তে উক্ত দুৰ্গম অঞ্চলত বানত ককবকাই থকা লোক সকলৰ কাষত উপস্থিত হৈছে ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সাধাৰণ সম্পাদক ড° অমিয় কুমাৰ ভূঞা ৷ ভূঞাই একাংশ সতীৰ্থ সহ বিপদসংকুল ভাৱে যাতায়ত কৰি বিহপুৰীয়াৰ সোৱণশিৰী নদীৰ বানত আবদ্ধ লোক সকলৰ কাষত উপস্থিত হৈ মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে ৷

সোৱঁণশিৰী নদীৰ বানত আবদ্ধ বিহপুৰীয়াৰ বাহঁগড়া ধুনাগুৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত কংকুৰ,কানীয়াজান,পাভ ভেকেলী,কলবাৰী,কুমলীয়া চাপৰি,অমৰা বাহঁগড়া,গন্ধসৰৈআটি আদি অঞ্চলৰ পাচঁ শতাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে বিজেপিৰ নেতা গৰাকীয়ে ৷ নেতাগৰাকীয়ে কsভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত বানাক্ৰান্ত সকলৰ মাজত সজাগা সৃষ্টিৰ প্ৰয়াস চলোৱাৰ লগতে তেওঁলোকৰ মাজত একোখনকৈ মাক্স বিতৰণ কৰে ৷

উল্লেখযোগ্য যে, এই বিপদৰ সময়ত স্থানীয় বিধায়ক কিম্বা প্ৰশাসনৰ সহযোগিতা লাভ কৰিবলৈ সক্ষম নোহোৱা জলবন্দী জনতাই অমিয় ভূঞাৰ মহানুভৱতাৰ শলাগ লয় ৷ বিজেপিৰ নেতা গৰাকীক সংগ দিয়ে তৰুণ শইকীয়া,লক্ষী বৰা, ধিৰাজ বৰা,জয়ন্ত বৰা,মনোজ দত্ত আদি বহুকেইগৰাকী নেতাই ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in