এটা ভাইৰাছ ওলাইছে, নাম ‘বিজেপি’!

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ 'বিজেপি এটা ভাইৰাছ। এই ভাইৰাছে খাব সকলো আঞ্চলিক ৰাজনৈতিক দলক।'- বিজেপি সন্দৰ্ভত এই মন্তব্য কৰিলে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে। সাংসদগৰাকীয়ে হীৰেণ গোঁহাইৰ ওপৰত তৰা গোচৰকো দুৰ্ভাগ্যজনক আখ্যা দিয়ে। লগতে তেওঁ কয়- 'বিজেপি শাসনত থাকিলে এদিন আৰ এছ এছে সংবিধানখনেই নোহোৱা কৰি দিব।' এই সংকটৰ মুহূৰ্তত তেওঁ সকলোকে মাৰবান্ধি থিয় দিবলৈ আহ্বান জনায়।

ইফালে, ড০ হীৰেণ গোঁহাই, অখিল গগৈৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰক লৈও সৰৱ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। তেওঁ এই কাৰ্যক চৰকাৰৰ দমন নীতি বুলি আখ্যা দিয়ে। এনে দমন মনোভাৱেৰে ৰাইজৰ আন্দোলন মষিমূৰ কৰিব নোৱাৰে বুলি মন্তব্য কৰে গগৈয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in