শেহতীয়া খবৰ
ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...  •  ৩০ ছেপ্টেম্বৰত ঘোষণা হ’ব কৃষক মুক্তিৰ নেতৃত্বত ৭০ সংগঠনৰ ৰাজনৈতিক দলৰ নাম...  •  ৩০ ছেপ্টেম্বৰত ঘোষণা হ’ব কৃষক মুক্তিৰ নেতৃত্বত ৭০ সংগঠনৰ ৰাজনৈতিক দলৰ নাম...

হাতত বন্দুক লৈ সুৰাৰ ৰাগীত নৃত্য বিধায়কৰঃ ৬ বছৰৰ বাবে দলৰ পৰা বহিস্কাৰৰ ঘোষণা বিজেপিৰ

159

ডিজিটেল ডেস্কঃ হাতত মাৰাণাস্ত্ৰ লৈ সুৰাৰ নিচাত উন্মাদ নৃত্য প্ৰদৰ্শন কৰা উত্তৰাখণ্ডৰ খানপুৰ বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক কোঁৱৰ প্ৰণৱ সিং চেম্পিয়নৰ বিৰুদ্ধে কঠোৰ হৈছে দলৰ নেতৃত্ব। বিধায়কজনৰ এই উন্মাদ আচৰণৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে উত্তৰাখণ্ড বিজেপিয়ে তৎকালীনভাৱে বলবৎ হোৱাকৈ বিধায়কজনক দলৰ পৰা নিলম্বন কৰিছিল। কিন্তু শেহতীয়াকৈ বিষয়টোৱে অধিক বিতৰ্কৰ সৃষ্টি কৰাত বিজেপিয়ে ৬ বছৰৰ বাবে প্ৰণৱ সিং চেম্পিয়নক দলৰ পৰা বহিস্কাৰ কৰাৰ ঘোষণা কৰিছে।

উল্লেখ্য যে, কিছু দিন পূৰ্বে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল বিধায়ক প্ৰণৱ সিং চেম্পিয়নৰ এটা ভিডিঅ’। য’ত তেওঁ হাতত তিনিটাকৈ বন্দুক লৈ সুৰাৰ ৰাগীত মাতাল হৈ নৃত্য কৰি থকা পৰিলক্ষিত হৈছিল। এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে উত্তৰাখণ্ড আৰক্ষীয়ে বিধায়কজনৰ বিৰুদ্ধে আৰ্ম এক্টৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি