গণশক্তি দলৰ সৈতে বিজেপিৰ মিত্ৰতা আছে আৰু আগন্তুক দিনটো মিত্ৰতা বাহাল থাকিব – প্ৰদান বৰুৱা

গণশক্তি দলৰ সৈতে বিজেপিৰ মিত্ৰতা আছে আৰু আগন্তুক দিনটো মিত্ৰতা বাহাল থাকিব – প্ৰদান বৰুৱা

ডিজিটেল সংবাদ,জোনাই : গণশক্তিৰ লগত বিজেপিৰ মিত্ৰতা আছে আৰু আগন্তুক দিনটো মিত্ৰতা বাহাল থকাৰ কথা ব্যক্ত কৰে বিজেপি সাংসদ প্ৰদান বৰুৱাই । বৃহস্পতিবাৰে জোনাইত জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ সৈতে সমন্বিতে জনজাতি উন্নয়ন প্ৰকল্প আৰু সমাজ কল্যান বিভাগৰ বিতৰন অনুষ্টানত এই মন্তব্য কৰে ।

উল্লেখযোগ্য যে ২০ নবেম্বৰত জোনাই অনুষ্ঠিত হোৱা ১১৪ নং জোনাই বিধান সভা সমষ্টিৰ ৫ খন মণ্ডল বিজেপিৰ সাধাৰন সভাত ৫ খন মণ্ডলতেই বিজেপিয়ে একেমুখে সন্মিলিত গণশক্তিৰ লগত মিত্ৰতা ছেদ কৰি ২০২১ চনৰ নিৰ্বাচনত বিজেপিৰ নিজা পাৰ্থী থিয় কৰিবলৈ প্ৰস্তাৱ গ্ৰহন কৰিছিল । অৰ্থাত গণ শকিতিৰে বিজেপিৰ মিত্ৰতা ছেদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ।

বিজেপিৰ এই সাধৰন সভাত ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্ত, ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ অশ্চিনী পাইতেও গণশক্তিৰে মিত্ৰতা নাই বুলি ঘোষনা কৰিছিল । আনকি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কিছুদিন পূৰ্বে চিলাপথাৰলৈ আহি পূৰ্বেও গণশক্তিৰ লগত বিজেপিৰ মিত্ৰতা নাছিল আৰু আগন্তুক দিনটো মিত্ৰতা নাথাকিব বুলি ঘোষনা কৰিছিল ।

কিন্তু ইয়াৰ পিছতো বৃহস্পতিবাৰে তাতপৰ্যপূৰ্ণ ভাবে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ গৰাকীয়ে দলীয় সিদ্ধান্তৰ বিৰুদ্ধে গৈ গণশক্তিৰে মিত্ৰতা আছে বুলি ঘোষনা কৰা কাৰ্যই যথেষ্ট তাতপৰ্য বহন কৰিছে । সাংসদ প্ৰদান বৰুৱাই গনশক্তিৰ বোকোচাত উঠি আগন্তুক সংসদীয় নিৰ্বাচনত লখিমপুৰ সমষ্টিৰ পৰা পুনৰ নিৰ্বাচনী বৈতৰনী পাৰ কৰিব বিচাৰিয়েই এনে মন্তব্য কৰা বুলি ৰাজনৈতিক মহলত চৰ্চা হৈছে ।

ইপিনে জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে গণশক্তি আৰু বিজেপিৰ মিত্ৰতা বাহাল থকাটো গুৰুত্বপূৰ্ন বুলি মন্তব্। কৰি মিত্ৰতাৰ ওপৰত চকু ফুৰা সকলক চকু নুফুৰাবলৈ আহ্বান জনায়। সভা খনত জনজাতি উন্নয়ন প্ৰকল্প আৰু সমাজ কল্যান বিভাগৰ পৰা অনুসূচিত জাতি,জনজাতি আৰু অন্যান্য পিচপৰা শ্ৰেণীৰ হিতাধিকাৰীৰ মাজত টিনপাট,ফেচন ডিজাইনিং মেচিন, সৌৰ লেম্প, পানীৰ ফিল্টাৰ, পাম্পচেট আদি বিতৰন কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in