এইবাৰ বিজেপিত বলিৰ পাঠা গীতাৰ্থ গোস্বামী…

এইবাৰ বিজেপিত বলিৰ পাঠা গীতাৰ্থ গোস্বামী…

হঠাৎ এলাগী হ'ল বিজেপি নেতা গীতাৰ্থ গোস্বামী।দলটোৰ সহকাৰী সাংগঠনিক সচিব পদৰ পৰা অপসাৰণ কৰা হ'ল তেওঁক। ইয়াৰ আঁৰৰ ৰহস্য কি? অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ এক বিশেষ প্ৰতিবেদন।

ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকা সময়তে বিজেপি অসম প্ৰদেশৰ সহকাৰী সাংগঠনিক সচিব পদৰ পৰা গীতাৰ্থ গোস্বামীক অপসাৰণ কৰাকলৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। দলটোৰ সাধৰণ সম্পাদক পুলক গোঁহাইক এই সন্দৰ্ভত দিল্লীৰ পৰাই ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে এই অপসাৰণৰ জাননী দিবলৈ জাৰি কৰিছিল নিৰ্দেশ।

উল্লেখযোগ্য যে বিজেপি অসম প্ৰদেশৰ সাংগঠনিক সম্পাদক ফণী শৰ্মাৰ সৈতে দিল্লীলৈ গৈছিল ৰঞ্জিত কুমাৰ দাস। দিল্লীৰ পৰাই গীতাৰ্থ গোস্বামীক অপসাৰণ কৰাকলৈ বিজেপিৰ ভিতৰচ'ৰাতেই চৰ্চিত হৈছে বহু খবৰ।

কি কাৰণত গীতাৰ্থ গোস্বামীক অপসাৰিত কৰা হৈছে তাৰ নিৰ্দিষ্ট তথ্য নাই দলটোৰ কোনো নেতাৰ হাতত। শিলাদিত্যৰ কাণ্ডৰ পাছত গীতাৰ্থ গোস্বামীৰ এই পদৰ মৰ্যাদা নাই বুলি অপসাৰণ কৰাৰ যুক্তিক বিজেপিৰ বহু নেতা তথা কৰ্মীয়ে সহজভাৱে গ্ৰহণ কৰিব পৰা নাই।

উল্লেখযোগ্য যে হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘণিষ্ঠ ৰূপে পৰিচিত গীতাৰ্থ গোস্বামী। ডিব্ৰুগড়, লখিমপুৰ আৰু যোৰহাত লোকসভা সমষ্টিৰ সাংগঠনিক দায়িত্বত আছিল গোস্বামী। উজনি অসমৰ মুঠ ১২ খন জিলাৰ দায়িত্ব থকা গীতাৰ্থ গোস্বামীৰ অপসাৰণৰ আঁৰত অসম বিধানসভাৰ কিছু ৰাজনৈতিক সমিকৰণ লুকাই আছে বুলিও ক'ব খোজে বিজেপিৰ এক সুত্ৰই।

ইফালে দিল্লীৰ পৰা ঘূৰি আহি নিজকে কোৱাৰেন্টাইন কৰিছে বিজেপিৰ সভাপতি ৰঞ্জিত দাসে। কোনো নেতা কৰ্মীক সাক্ষাৎ কৰা নাই সভাপতি গৰাকীয়ে। বিজেপিৰ সুত্ৰ অনুসৰি দলটোৰ ভিতৰচ'ৰাত এতিয়া চাৰিটাকৈ লবী সক্ৰিয়। ইয়াৰ ভিতৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সভাপতি ৰঞ্জিত দাস আৰু সাংগঠনিক সম্পাদক ফণী শৰ্মাৰ লবীয়ে ৰাজনৈতিক তৎপৰতা আৰম্ভ কৰিছে।

উজনি অসমত যাতে গীতাৰ্থ গোস্বামীক সন্মুখত ৰাখি হিমন্ত বিশ্ব শৰ্মাই আগন্তুক নিৰ্বাচনত প্ৰভুত্ব খটাব নোৱাৰে তাৰ বাবে আগতিয়াকৈ গীতাৰ্থ গোস্বামীৰ পাখি কটা বুলিও চৰ্চিত হৈছে।

সভাপতি ৰঞ্জিত দাসৰ সৈতে মত বিৰোধ, গৰু চিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ স্থিতি আৰু লবী কেন্দ্ৰীক ৰাজনীতিৰ বলি হ'ল নেকি গীতাৰ্থ গোস্বামী। তাক লৈয়ো চৰ্চা চলিছে। ইফালে বিজেপিৰ অত্যন্ত গুৰুত্বপূৰ্ণ পদবী সাংগঠনিক পদৰ বাবেও নাম চৰ্চালৈ আহিছিল গীতাৰ্থ গোস্বামীৰ। বৰ্তমানৰ সাংগঠনিক সম্পাদক গৰাকীৰ বিৰুদ্ধে এগৰাকী বিধায়কে গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ সময়ত চ'ছিয়েল মিডিয়াত গীতাৰ্থ গোস্বামীক এই পদত অধিষ্ঠিত কৰিব লাগে বুলি চৰ্চা চলিছিল।

কি কাৰণত গীতাৰ্থ গোস্বামীক হঠাত্ অপসাৰণ কৰা হ'ল তাক লৈ বিজেপিৰ ভিতৰচ'ৰাতে তুমুল আলোড়নৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে এই পদ অসংবিধানিক বুলি ইমান দিনৰ পাছত বিজেপিৰ ৰাজ্যিক নেতৃত্বই অনুভৱ কৰিলেও এই পৰ্যন্ত সমগ্ৰ দেশতেই ১২ জনকৈ সহকাৰী সাংগঠনিক সচিবে কাৰ্যনিৰ্বাহ কৰি আছে।

আনহাতে দুই এদিনতে বিজেপিৰ নতুন সমিতি ঘোষণা কৰাৰ সম্ভাৱনা আছে। এই সমিতিত কোন কোন আছে সেয়াও সম্পূৰ্ণ গোপনে ৰাখিছে সভাপতি ৰঞ্জিত দাসে। শিলাদিত্যই কোৱাৰ দৰেই কোনো নেতাৰ একনায়কত্ববাদক প্ৰশ্ৰয় দি ৰাষ্ট্ৰীয় নেতৃত্বক সৈমান কৰাই বিজেপিয়ে এইবাৰ গীতাৰ্থ গোস্বামীক বলিৰ পাঠা সজালে বুলিও চৰ্চা লাভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in