শ্ৰমিকক মৃত্যুৰ মুখলৈ থেলা বিজেপিক ভোট নিদিবঃ কাগজ কল কৰ্মচাৰী ইউনিয়নৰ আহ্বান..

শ্ৰমিকক মৃত্যুৰ মুখলৈ থেলা বিজেপিক ভোট নিদিবঃ কাগজ কল কৰ্মচাৰী ইউনিয়নৰ আহ্বান..

ডিজেটেল সংবাদ, শিলচৰঃ আলোচনাপন্থী ডি এইচ ডিৰ অধ্যক্ষ দিলীপ নুনিচাৰ পিচত এইবাৰ বিজেপিৰ বিৰোধিতা কৰিছে এইচ পি চি পেপাৰ মিলছ ৰিভাইভেল একচন কমিটীয়ে । দিলীপ নুনিছাই মুকলিভাৱে কংগ্রেছক সমৰ্থন কৰাৰ বিপৰীতে এইচ পি চি পেপাৰ মিলছ ৰিভাইভেল একচন কমিটীয়ে পৰোক্ষভাৱে কংগ্রেছক সমৰ্থন কৰিছে । প্রধান মন্ত্রী নৰেন্দ্র মোডী আৰু মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ কাৰ্যকালত অসমৰ দুটাকৈ কাগজ কল বন্ধ হোৱাৰ লগতে বিগত ২৮ মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈছে কাগজ কলৰ কৰ্মচাৰী সকল। প্রত্যক্ষ আৰু পৰোক্ষভাবে ২ লক্ষাধিক লোক ক্ষতিগ্রস্ত হোৱাৰ লগতে অনাহাৰে আৰু বিনা চিকিৎসাই ৫৩ গৰাকী কৰ্মচাৰীৰ মৃত্যু হৈছে । সেয়ে, শ্ৰমিক হত্যাকাৰী বিজেপিক ভোট নিদিবলৈ মুকলি ভাবে ৰাইজক আহ্বান জনাইছে এইচ পি চি পেপাৰ মিলছ ৰিভাইভেল একচন কমিটীয়ে । সোমবাৰে শিলচৰত আয়োজিত এক সংবাদ মেলত ৰাইজলৈ এই আহ্বান জনায় সংগঠনটোৰ নেতৃত্বই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in