প্ৰাৰ্থিত্ব কেন্দ্ৰিক অসন্তুষ্টিত বিব্ৰত বিজেপি, টিকটৰ পৰা বঞ্চিত হ’ব পাৰে ৰাজ্যৰ ৫ সাংসদ!

প্ৰতিকী ফটো
প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ ১১ এপ্ৰিলত অসমত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব যদিও, এতিয়ালৈকে কোনো ৰাজনৈতিক দলে চূড়ান্ত কৰিব পৰা নাই প্ৰাৰ্থীৰ তালিকা। শাসকীয় বিজেপিৰ ভিতৰচৰাত এতিয়া চলিছে প্ৰাৰ্থী কেন্দ্ৰিক সংঘাত। দিল্লীত ইখনৰ পাছত সিখন বৈঠক বহিছে যদিও, কোনো সমষ্টিত কোনো প্ৰাৰ্থিত্ব লাভ কৰিব তাক লৈ সহমতত উপনীত হ'ব পৰা নাই বিজেপি নেতৃত্ব।

বৰ্তমানৰ ৫জন বিজেপিৰ সাংসদে এইবাৰ টিকট নাপাব বুলি চৰ্চা হোৱাৰ সময়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেজপুৰত চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। হিমন্ত বিশ্ব শৰ্মাক তেজপুৰত প্ৰাৰ্থিত্ব প্ৰদান কৰাতো প্ৰায় নিশ্চিত ।সেই কথা ইতিমধ্যে গম পাইছে তেজপুৰৰ সাংসদগৰাকীয়ে।

ইফালে, আৰ পি শৰ্মাৰ লগতে মঙলদৈত ৰমেন ডোকাকো টিকট দিয়াক লৈ বিজেপি নেতৃত্বৰ মাজত মত-বিৰোধ হৈছে। বৰ্তমানৰ সাংসদগৰাকীৰ নেতৃত্বই গুৱাহাটীত নিৰ্বাচন খেলিবলৈ কৈছে যদিও, পৰাজয়ৰ ভয়ত সেই প্ৰস্বাৱ মানি লোৱা নাই সাংসদ ডেকাই। ডেকাক আনকি ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব দিয়াৰো প্ৰস্তাৱ দিছে নেতৃত্বই।

বৰ্তমানৰ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক সোণোৱাল মন্ত্ৰী সভাত স্থান দি ৰাজ্যিক বিজেপি সভাপতি পদ ৰমেন ডেকাক দিয়াৰ কুচকাৱাজ চলাৰ বিপৰীতে নগাঁৱত ৰাজনে গোঁহাই, গুৱাহাটীত বিজয়া চক্ৰৱৰ্তী আৰু ডিব্ৰুগড়ত ৰামেশ্বৰ তেলীক টিকট দিয়াৰ সম্ভাৱনা ক্ষীণ বুলি দলীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে।

লক্ষণীয় যে, খোদ শাসকীয় দলটোৰ মজিয়াতে এতিয়া নিৰ্বাচনক লৈ নাই কোনো পূৰ্বৰ দৰে উৎসাহ। নতুন দিল্লীৰ বিজেপিৰ এক সূত্ৰ মতে, ১৫ মাৰ্চৰ ভিতৰত চূড়ান্ত হ'ব অসমৰ বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব লগা প্ৰাৰ্থীৰ তালিকা। প্ৰাৰ্থীৰ তালিকা চূড়ান্ত হোৱাৰপাছতেই প্ৰাৰ্থিত্ব নোপোৱা বৰ্তমানৰ সাংসদ কেইজনে দলৰ বিৰুদ্ধে নামি পৰাৰ সম্ভাৱনা অধিক। ইতিমধ্যে টিকট নাপালে বিজেপিত এক মিনিটো নাথাকো বুলি ঘোষণা কৰিছে তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in