বিটিআৰ নিৰ্বাচনক লৈ বিজেপিত বিদ্ৰোহৰ উকমুকনি, নিজাকৈ প্ৰাৰ্থী প্ৰক্ষেপৰ দাবীৰে জিলা কাৰ্যালয়ত প্ৰতিবাদ তৃণমূল কৰ্মীৰ

বিটিআৰ নিৰ্বাচনক লৈ বিজেপিত বিদ্ৰোহৰ উকমুকনি, নিজাকৈ প্ৰাৰ্থী প্ৰক্ষেপৰ দাবীৰে জিলা কাৰ্যালয়ত প্ৰতিবাদ তৃণমূল কৰ্মীৰ

ডিজিটেল সংবাদ, ওদালগুৰিঃ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন চমুকৈ বিটিআৰত হ'বলগীয়া পৰিষদীয় নিৰ্বাচনক লৈ মাজত মাত্ৰ এটা মাহ বাকী। ৰঙালী বিহুৰ আশে পাশে পৰিষদৰ ৪০ টাকৈ সমষ্টিৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন। ইয়াকে লৈ বিভিন্ন ৰাজনৈতিক দলৰ কেন্দ্ৰীয় নেতৃত্ব‌ই বিভিন্ন মহলত নিৰ্বাচন সম্বন্ধে কৰি আহিছে মন্তব্য। কিছুদিন পূৰ্বে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আগন্তুক পৰিষদখনৰ নিৰ্বাচনত বিজেপি, অগপ আৰু বিপিএফৰ মিত্ৰতা অটুত থাকিব বুলি ঘোষণা কৰিছিল।

ইয়াৰ পাছতে বিটিআৰ অঞ্চলত বসৱাস কৰা বাজেপি দলটোৰ তৃণমূল কৰ্মীসকল ভিতৰি ক্ষোভিত হৈ পৰিছিল। কিয়নো পূৰ্বৰে পৰা তেওঁলোকে পৰিষদখনৰ প্ৰতিটো সমষ্টিতে বিজেপি দলটোৱে নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কামনা কৰিছিল। ইয়াৰ পাছত শুকুৰবাৰে ওদালগুৰি জিলাখনৰ ৩৫ নম্বৰ মুদৈবড়ী সমষ্টিৰ তৃণমূল কৰ্মীসকলে একপ্ৰকাৰ মুকলি বিদ্ৰোহ আৰম্ভ কৰা পৰিলক্ষিত হয়। বৰ্তমান শাসকীয় বিপিএফ দলৰ দখলত থকা মুদৈবড়ী সমষ্টিত যাতে বিজেপি দলটোৱে নিজাববীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰে তাৰ বাবে দাবী উত্থাপন কৰা দেখা গ'ল।

শুকুৰবাৰে সমষ্টিটোৰ কেইবা শতাধিক তৃণমূল কৰ্মীয়ে এই দাবীৰে প্ৰতিবাদ কৰিবলৈ জিলা বিজেপিৰ কাৰ্যালয়ত উপস্থিত হয়। হাতে হাতে বিজেপিৰ পতাকা লৈ প্ৰতিবাদকাৰীসকলে "আমাক লাগে মুদৈবড়ী, বিজেপিক লাগে মুদৈবড়ী, মুদৈবড়ীত মিত্ৰতা মানি লোৱা নহব" শ্লোগানেৰে জিলা বিজেপিৰ কাৰ্যালয় ঘেৰাও কৰি পাছত কাৰ্যালয়ৰ চৌহদত অৱস্থান গ্ৰহণ কৰে। প্ৰতিবাদকাৰীক নেতৃত্ব দিয়া বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন সিঙে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ কৰি কয় যে, "বিগত বছৰ বছৰ ধৰি বিজেপি কৰ্মীসকল উক্ত অঞ্চলত বঞ্চিত হৈ আহিছো। আমো কোনো নিৰ্বাচনত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰিব পৰা নাই। বিধানসভা নিৰ্বাচনতো বিজেপি কৰ্মীক সুবিধা নিদি নেতৃত্ব‌ই কৈছিল যে বিটিচি নিৰৃবাচনত সুযোগ প্ৰদান কৰা হব। নেতৃত্ব‌ই দিয়া সেই আশা লৈ আমি বিজেপি কৰ্মীসকলে বিগত নিৰ্বাচনত সৰ্বশক্তিৰে নিজৰ নিজৰ কামত গুৰুত্ব প্ৰদান কৰিলো। প্ৰতিটো মণ্ডল পৰ্যায়ত সদস্য ভৰ্তি সম্পূৰ্ণ কৰিলো। ৰাজ্যিক বিজেপিয়ে যিমান ধৰণৰ নিৰ্ধশদেশনা দিছিল সকলো আখৰে আখৰে পালন কৰিলো। কিন্তু ইয়াৰ মাজতে বিজেপি নেতা তথা বিপিএফৰ নেতাসকলে আগন্তুক বিটিআৰ নিৰ্বাচনতো বিজেপিৰ সৈতে মিত্ৰতাৰ ইংগিত প্ৰদান কৰাত এতিয়া বিজেপিয়ে নিজা প্ৰাৰ্থীৰে নিৰ্বাচনত অৱতীৰ্ণ হব পাৰিব নে নাই সেয়া সন্দেহৰ আৱৰ্তত। কিয়নে যদিহে সচাঁকৈ এনে মিত্ৰতাৰ ফলত বিজেপিয়ে নিজাবৱীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নোৱাৰে তেন্তে বিটিআৰ অঞ্চলত আমাৰ গণতান্ত্ৰিক অধিকাৰ নোহোৱা হৈ পৰিব বুলি শংকাত ভুগিছো। বিভিন্ন ৰাজনৈতিক কৌশলৰ বাবে মিত্ৰতা কৰিবলগীয়া হব পাৰে যদিও তেনে সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিব লাগে। মিত্ৰতাই হ‌ওঁক অথৱা অন্য প্ৰকাৰেই হ‌ওঁক, ওদালগুৰি জিলাৰ ১০ টা পৰিষদীয় সমষ্টিতে বিজেপি কৰ্মীসকল প্ৰতিদ্বন্দিতা কৰাৰ বাবে সাজু হৈছে। আজি প্ৰথম ৩৫ নম্বৰ মুদৈবড়ী সমষ্টিৰ কৰ্মীসকল ওলাই আহিছে।"

অনাগত দিনত প্ৰতিটো পৰিষদীয় সমষ্টিৰ কৰ্মীসকল এনেদৰে ওলাই অহাৰ হুংকাৰ প্ৰদান কৰি তেওঁ কয় যে, বিজেপিৰ বাহিৰে কোনো ৰাজনৈতিক দলে বিটিআৰ অঞ্চলত সুশাসন প্ৰদান কৰিব নোৱাৰে। লগতে সিঙে বৰ্তমানৰ মুদৈবড়ী সমষ্টিটোক প্ৰতিনিধিত্ব কৰা প্ৰতিনিধিগৰাকী সন্দৰ্ভত কয় যে, "বৰ্তমান প্ৰতিষ্ঠান বিৰোধী ঢৌৰ বাবে সমষ্টিটোত প্ৰতিনিধিগৰাকীয়ে অকলেই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সাহস নকৰি বিজেপিৰ সৈতে মিত্ৰতা কৰাৰ আশা মেলিছে। কিন্তু মিত্ৰতাও লাগে আৰে বিজেপিৰ প্ৰাৰ্থীক নিৰৃবাচনতো অৱতীৰ্ণ হব নিদিয়ে। এনে পৰিস্থিতি বিজেপিৰ তৃণমূল কৰ্মীসকলে মানি নলয়।"

প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত জিলা বিজেপিৰ সভাপতিলৈ কেইবাটাও দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে ইয়াৰ প্ৰতিলিপি বিজেপিৰ ৰাজ্যিক সভাপতি, ৰাজ্যিক সাংগঠনিক সম্পাদকৰ লগতে বিজেপি নেতৃত্বলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে, পূৰ্বৰ বিটিচি নিৰ্বাচনতো নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত বিজেপি কৰ্মীসকলে অসন্তুষ্টি হৈ বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in