আৰক্ষীৰ অভিযান চলিবই, প্ৰয়োজনত এনকাউণ্টাৰ হ’বইঃ মুখ্যমন্ত্ৰী ড০ শৰ্মা

আৰক্ষীৰ অভিযান চলিবই, প্ৰয়োজনত এনকাউণ্টাৰ হ’বইঃ মুখ্যমন্ত্ৰী ড০ শৰ্মা

ডিজিটেল ডেস্কঃ সামৰণি পৰিল দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ কাৰ্যনিৰ্বাহক সভা। ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰ অন্ত পৰাৰ পিছতে এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছে। এই বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি কাৰ্যনিৰ্বাহক সভাৰ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসমত বৰবিহ ড্ৰাগছৰ ব্যৱসায় কিয় চলিছে- বৌদ্ধিক জগতে এই প্ৰশ্নহে কৰিব লাগিছিল। কিন্তু তেওঁলোকে এতিয়া প্ৰশ্ন কৰে এনকাউণ্টাৰ কিয় হৈছে বুলি। আমি স্পষ্ট ভাৱে কৈছো লাচিত বৰফুকনৰ শৌৰ্যবিৰ্যৰে মহিমামণ্ডিত আৰু শংকৰদেৱৰ আধ্যাত্মিকতাৰ ভাৱনাৰে গঢ়া অসমৰ সমাজত আমি ড্ৰাগছৰ ব্যৱসায় চলিবলৈ নিদিও। আৰক্ষীৰ অভিযান চলিবই, প্ৰয়োজনত এনকাউণ্টাৰ হ'বই।

ইয়াৰোপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, বৰ্তমান বিজেপি চৰকাৰৰ শাসনকালত ভাৰতীয় সভ্যতা-সংস্কৃতি সুৰক্ষিত হোৱাৰ লগতে সবল আৰু সমৃদ্ধিশালী হৈছে। প্ৰধানন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত ভাৰতে ৫০০ বছৰীয়া গোলামী শাসনৰ অন্ত পেলাই সনাতন ধৰ্ম সংস্কৃতিৰ পুনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অগ্ৰসৰ হৈছে। ৰাম মন্দিৰ নিৰ্মাণৰ কাম-কাজ আৰম্ভ কৰিব পৰাটো ইয়াৰ এক উৎকৃষ্ট উদাহৰণ বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়।

ৰাজ্যত থকা ভাৰতীয় জনতা পাৰ্টিৰ ৪০ খন সাংগঠিনক জিলাৰ সভাপতি তথা সকলো কাৰ্যনিৰ্বাহক সদস্যৰ উপস্থিতিত সভাপতি ভৱেশ কলিতাই সভাপতিত্ব কৰা সসভাত মুখ্যমন্ত্ৰীৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলী, দলৰ সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, দলৰ অসম প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহ-প্ৰভাৰী পৱন শৰ্মা, ৰাজ্যিক সাংগঠিন সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা আৰু দলৰ উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত থকা সাংগঠনিক সাধাৰণ সম্পাদক জামৱাল উপস্থিতি থাকে।

কাৰ্যনিৰ্বাহক সভাৰ সামৰণি অনুষ্ঠানতে কোভিড ভেকচিন প্ৰসংগটো মুখ্যমন্ত্ৰী ড০ শৰ্মাই মন্তব্য কৰিছে। প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা অনুসৰি ড০ শৰ্মাই কয় নিৰ্ধাৰিত সময়ৰ ভিতৰত দেশৰ প্ৰতিজন নাগৰিকক কোভিড ভেকচিন প্ৰদানৰ কাৰণে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ বদ্ধ পৰিকৰ। কিন্তু এই সংকটৰ সময়ছোৱাতো দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ আৰু বামপন্থী সকলে অপ্ৰয়োজনীয় প্ৰশ্ন উত্থাপনেৰে ভেকচিন অভিযানক শলঠেকত পেলাবৰ বাবে অপচেষ্টা চলাইছিল। কিন্তু বিৰোধীৰ এনে অপচেষ্টাক নস্যাৎ কৰি কোনোধৰণে বিচলিত নোহোৱাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দেশ কোভিড ভেকচিন অভিযান সফলতাৰে আগুৱাই নিছে।

ইয়াৰোপৰি তেওঁ কৈছে কংগ্ৰেছ দল অসম আৰু অসমীয়াৰ কেতিয়াও আপোন হ'ব নোৱাৰে । ড০ ভূপেন হাজৰিকাক ভাৰতৰত্ন দিয়াটো কংগ্ৰেছে কেতিয়াও পছন্দ কৰা নাছিল। জ্যেষ্ঠ কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খৰ্গে কৰ্ণাটকৰ এক সভাত ভাৰতৰত্নৰ এক প্ৰসংগ উত্থাপন কৰি ভূপেন হাজৰিকাক দেশৰ সৰ্বোচ্ছ সন্মানেৰে মোডী চৰকাৰে সন্মানিত কৰা বিষয়টোৰ সমালোচনা কৰিছিল। কিন্তু কংগ্ৰেছে এই কথা জানি থোৱা উচিত যে, ড০ ভূপেন হাজৰিকা অসমীয়াৰ হিয়াৰ আমঠু আৰু সনাতন পৰম্পৰাৰ অন্যতম প্ৰবক্তা। কংগ্ৰেছে বেয়া পালেও আমি আমাৰ শ্ৰদ্ধাৰ ড০ ভূপেন হাজৰিকাক সদায় বুকুত সাবটি ৰাখিম।

ইফালে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই দলটোৰ পৰৱৰ্তী কাৰ্যনিৰ্বাহক সভা কাৰ্বি আংলঙৰ ডিফুত অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰে। ইয়াৰোপৰি এই কাৰ্যনিৰ্বাহকতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্যিক বিষয়ববীয়া সকলৰ সভা প্ৰত্যেকটো মাহৰ প্ৰথমটো বুধবাৰে মফচলীয়া চহৰত অনুষ্ঠিত হ'ব। এই বিষয়ে সভাপতি ভৱেশ কলিতাই ঘোষণা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in