চৰ্চাত দুটা ৰাজনৈতিক দলৰ সভাপতিৰ আলোকচিত্ৰ…

চৰ্চাত দুটা ৰাজনৈতিক দলৰ সভাপতিৰ আলোকচিত্ৰ…

ডিজিটেল ডেস্কঃ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে এখন ফটো। সেই ফটোখনত আছে দেশৰ দুটা প্ৰধান ৰাজনৈতিক দলৰ সভাপতি সকলৰ আলোকচিত্ৰ। ১৯৯৮চনৰ পৰা বিজেপি দলৰ সভাপতিসকলৰ আলোকচিত্ৰত ১০জন নেতাৰ ছবি অন্তৰ্ভুক্ত হৈছে।

তাৰ ভিতৰত আছে- কোচাবাহু থাকৰে, বাংগাৰু লক্ষ্মণ, জনাকৃষ্ণ মূৰ্তী, ভেংকায়া নাইডু, লালকৃষ্ণ আদৱানী, ৰাজনাথ সিং, নীতিন গাডকাৰী, পুনৰ ৰাজনাথ সিং, অমিত শ্বাহ আৰু শেহতীয়াকৈ জে পি নড্ডাৰ আলোকচিত্ৰ।

একেখন আলোকচিত্ৰতে আন এটা ভাগত কংগ্ৰেছৰ সভাপতিসকলৰ আলোকচিত্ৰ সংলগ্ন কৰা হৈছে। যি১০খন আলোকচিত্ৰ সংলগ্ন কৰা হৈছে তাৰে ৯খন ছোনিয়াগান্ধী আৰু এখন ৰাহুল গান্ধীৰ। পাৰ্টিৰ সভাপতিৰ তালিকা ১৯৯৮ৰ পৰা শীৰ্ষক এই আলোকচিত্ৰখন এতিয়া ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in