কাশ্মীৰক লৈ কংগ্ৰেছে ৰাজনীতি দেখে, আমি দেশভক্তি দেখোঃ অমিত শ্বাহে ক’লে- নেহৰু নহয়, চৰ্দাৰ পেটেলে ল’ব লাগিছিল দায়িত্ব

কাশ্মীৰক লৈ কংগ্ৰেছে ৰাজনীতি দেখে, আমি দেশভক্তি দেখোঃ অমিত শ্বাহে ক’লে- নেহৰু নহয়, চৰ্দাৰ পেটেলে ল’ব লাগিছিল দায়িত্ব

ডিজিটেল ডেস্কঃ কাশ্মীৰ সন্দৰ্ভত পুনৰ এবাৰ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক আক্ৰমণ কৰি মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে। দেওবাৰে মুম্বাইত এখন ৰেলীত জনতাক সম্বোধন কৰি অমিত শ্বাহে কয় যে নেহৰুৱে পাকিস্তানৰ বিৰুদ্ধে মূল্যহীনভাৱে যুদ্ধবিৰতি ঘোষণা নকৰা হ'লে আজি পাক অধিকৃত কাশ্মীৰ অৰ্থাৎ পি অ' কে অস্তিত্বলৈ নাহিলহেঁতেন। কাশ্মীৰ সন্দৰ্ভত জৱাহৰলাল নেহৰুৰ বিপৰীতে চৰ্দাৰ পেটেলেহে সিদ্ধান্ত লোৱা উচিত আছিল বুলিও মন্তব্য কৰে অমিত শ্বাহে।

ৰেলীত মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচণৰ ৰণশিঙা বজাই অমিত শ্বাহে পুনৰ এবাৰ দেবেন্দ্ৰ ফড়নবিশ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হ'ব বুলি দাবী কৰে। 'কংগ্ৰেছ আৰু এনচিপিয়ে কৈ আছে যে এইটো যদি নহয় তেন্তে জয়ী হম, সেইটো নহ'লে জয়লাভ কৰিম। কিন্তু মই কওঁ, মহাৰাষ্ট্ৰত এনডিএয়ে পুনৰ এবাৰ তিনিগুণ অধিক ভোট লাভ কৰি চৰকাৰ গঠন কৰিব।' – অমিত শ্বাহে কয়।

বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে পুনৰ কয়, 'আমি অনুচ্ছেদ ৩৭০ আৰু ৩৫ (এ) বিলুপ্তিৰ বাবে সৰ্বস্ব ত্যাগ কৰিব পৰা কৰ্মী। যেতিয়াৰ পৰা ৩৭০ আৰু ৩৫ (এ) অস্তিত্বলৈ আহিছে, তেতিয়াৰ পৰাই জনসংঘ আৰু বিজেপিয়ে ইয়াৰ বিৰোধিতা কৰি আহিছে। সেই সময়ত কাশ্মীৰলৈ যাবলৈ হ'লে পাৰমিটৰ প্ৰয়োজন আছিল। কিন্তু ডা০ শ্যাম প্ৰসাদ মুখাৰ্জীয়ে তালৈ পাৰমিট অবিহনেই গৈছিল। পিছত কাশ্মীৰত তেওঁক শ্বেখ আব্দুল্লাৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা হয় আৰু এক সন্দেহজনক পৰিস্থিতিত তেওঁৰ মৃত্যু ঘটে।'

কংগ্ৰেছক আক্ৰমণ কৰি তেওঁ কয়, 'ৰাহুল বাবাইতো এতিয়াহে ৰাজনীতিলৈ আহিছে। আমাৰ তিনিটা পিৰিয়ে কাশ্মীৰৰ বাবে নিজৰ বলিদান দি আহিছে। কংগ্ৰেছে ইয়াত ৰাজনীতি দেখা পায়, কিন্তু আমি দেশভক্তি দেখা পাও। কাশ্মীৰক ভাৰতৰ সৈতে সংযুক্ত কৰাৰ বিষয়টো জৱাহৰলাল নেহৰুৱে খোদ লৈছিল। চৰ্দাৰ পেটেলে যিকেইখন স্বাধীন ৰাজ্যক ভাৰতৰ অন্তৰ্ভূক্ত কৰাৰ দায়িত্ব লৈছিল, সেই সকলোতে তেওঁ সফল হৈছিল। মাত্ৰ এটা বিষয় নেহৰুৰ হাতত আছিল, তাকো পূৰণ কৰিব নোৱাৰিলে।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in