এইগৰাকী শিক্ষকে দিছে বিশেষ কৌশল, কেনেকৈ সহজতে মনত ৰাখিব মুখ্যমন্ত্ৰী, ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ নাম, সৱিশেষ VIDEO

এইগৰাকী শিক্ষকে দিছে বিশেষ কৌশল, কেনেকৈ সহজতে মনত ৰাখিব মুখ্যমন্ত্ৰী, ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ নাম, সৱিশেষ VIDEO

ডিজিটেল সংবাদ, বিশ্বনাথঃ গীতৰ মাধ্যমেৰে কেনেকৈ অসমৰ জিলাসমূহৰ নাম মনত ৰাখিব, এই বিষয়ে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল এগৰাকী শিক্ষকৰ এটা ভিডিঅ'। ভিডিঅ'টোৰ জৰিয়তে ৰাজ্যৰ জিলাসমূহৰ নাম কোনো ছাত্ৰ-ছাত্ৰীয়ে সহজে মনত ৰাখিব পৰা হৈছিল। ঠিক তেনেকৈ এইবাৰ চৰ্চালৈ আহিছে আন এগৰাকী শিক্ষক।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ সাংবাদিকে বিচাৰি উলিয়াইছে সেইগৰাকী শিক্ষকক। ভাইৰেল হৈ পৰা এটা ভিডিঅ'ৰ আলমত শিক্ষকগৰাকীক সাক্ষাৎ কৰিবলৈ উপস্থিত হয় তেওঁ কৰ্মৰত ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। ইতিমধ্যে ৰাইজৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা শিক্ষকগৰাকীৰ নাম চেবন শৰ্মা।

শিক্ষকগৰাকীৰ ঘৰ বিশ্বনাথ চাৰিআলিত। ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তেখেত নেপালী বিষয়ৰ শিক্ষক। তেখেতে বিভিন্ন ধৰণৰ পদ্ধতি অৱলম্বন কৰি বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ লগতে অসমৰ মুখ্যমন্ত্ৰীৰ নাম গীতৰ মাধ্যমেৰে অতি স্পষ্টকৈ ছাত্ৰ-ছাত্ৰী সকলে মনত ৰাখিব পৰাকৈ শিকাইছে।

বিদ্যালয় আৰম্ভ হোৱাৰ আগত প্ৰাতঃসভাত বিভিন্ন ধৰণৰ প্ৰশ্নবান, মহৎলোকৰ বাণী, স্বাস্থ্য বাৰ্তাৰ অভিনৱ পদ্ধতিৰ যোগেদি ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক মানসিক আৰু বৌদ্ধিক বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে শিক্ষকগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in