অস্বাভাৱিক ভাৱে কমিছে কেঁচা চাহ পাতৰ দামঃ অনিৰ্দিষ্ট দিনলৈ কেঁচা চাহ নুতুলাৰ সিদ্ধান্ত

অস্বাভাৱিক ভাৱে কমিছে কেঁচা চাহ পাতৰ দামঃ অনিৰ্দিষ্ট দিনলৈ কেঁচা চাহ নুতুলাৰ সিদ্ধান্ত

ডিজিটেল সংবাদ ছয়দুৱাৰ: সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে কপালৰ ঘাম মাটিত পেলাই ক্ষুদ্ৰ চাহ বাগিচা স্থাপনৰ জৰিয়তে স্বাবলম্বিতাৰ পথ বাছি লৈ এক অৰ্থনৈতিক আৰু সেউজ বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হোৱা খাটিখোৱা ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ কঠোৰ শ্ৰম আৰু কষ্টৰ ফলত উৎপাদন হোৱা কেঁচা চাহ পাতৰ উচিত মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰত পূৰ্বৰ কোনো এখন চৰকাৰে গ্ৰহণ নকৰিলে কোনো ধৰণৰ উপযুক্ত পদক্ষেপ।কেঁচা চাহ পাতৰ উপযুক্ত মূল্য নিৰ্ধাৰণ কিম্বা ক্ষুদ্ৰ চাহ খেতিয়কৰ বিভিন্ন সমস্যা সমাধানৰ বাবে টি মণিটৰিং কমিটি আৰু ভাৰতীয় চাহ বোৰ্ডৰ দৰে বিয়াগোম বিয়াগোম চৰকাৰী সংস্থা আছে যদিও এইক্ষেত্ৰত ৰহস্যজনক ভাবে নিমাত তেওঁলোক।যাৰবাবে কেঁচা চাহ পাতৰ উৎপাদনৰ হাৰ জুন মাহৰ পৰা বৃদ্ধি হোৱাৰ লগে লগে দৈনিক কমিবলৈ আৰম্ভ কৰে ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত ফচল কেঁচা চাহ পাতৰ দাম।

বৃহৎ পুঁজিপতি চাহ কোম্পানী আৰু বটলিফ ফেক্টৰীৰ মালিকে নিজ খেয়াল খুচিমতে জুন মাহৰ পৰা কেঁচা চাহ পাতৰ দাম ক্ৰমান্বয়ে হ্ৰাস কৰি অনাৰ ফলত প্ৰতি বছৰে পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈ আহিছে প্ৰতিগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কৰ।বিশ্বনাথ জিলাৰ গহপুৰ আৰু বিশ্বনাথ মহকুমাৰ প্ৰতিগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কেও কেঁচা চাহ পাতৰ উচিত মূল্য লাভ নকৰি বছৰৰ পিছত বছৰ হাহাকাৰ কৰি আহিবলগীয়া হৈছে।উত্তৰ অসমৰ আন প্ৰান্তৰ তুলনাত বিশ্বনাথ জিলাত কেঁচা চাহপাতৰ মূল্য জুন মাহৰ পৰা দৈনিক হ্ৰাস পোৱাতো এটা সাধাৰণ নিয়মত পৰিণত হৈ আহিছে।

জিলাখনৰ বৃহৎ পুঁজিপতি গোষ্ঠী আৰু বটলিফ চাহ ফেক্টৰীৰ মালিকৰ মুনাফালোভী চৰিত্ৰৰ বাবেই শোষণ-বঞ্চনাৰ সন্মুখীন হৈ আহিছে গহপুৰ আৰু বিশ্বনাথ মহকুমাৰ প্ৰতিগৰাকী ক্ষুদ্ৰ চাহ খেতিয়ক।বিশ্বনাথ জিলাত চলিত বৰ্ষৰ মাৰ্চ,এপ্ৰিল আৰু মে' মাহত প্ৰতিকেজি কেঁচা চাহ পাতৰ দাম ৩০ টকাৰ পৰা ৪২ টকা পৰ্য্যন্ত হৈছিল যদিও ৮ জুনৰ পৰা ইয়াৰ দাম কমি কমি এতিয়া হৈছেগৈ ১৬/১৭ টকা।সাৰ,কীটনাশক, ভিটামিন আদিৰ উৰ্দ্ধমুখী মূল্য, শ্ৰমিকৰ মজুৰি বৃদ্ধিকে ধৰি ঘৰুৱা ব্যয়,সন্তানৰ পঢ়া-শুনাৰ খৰছ,নিত্য ব্যৱহৃত সা-সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি,চিকিৎসা ব্যয়ৰ লগতে আন আন আনুসংগিক খৰছ প্ৰতি কেজি কেঁচা চাহ পাতৰ বিপৰীতে পোৱা ১৬/১৭ টকাৰে মোকাবিলা কৰাটো কোনোপধ্যেই সম্ভৱ নহয়।

ইয়াৰ পিছতো কিন্তু বিশ্বনাথ জিলাৰ গহপুৰ আৰু বিশ্বনাথ মহকুমাত কেঁচা চাহ পাতৰ মূল্য দৈনিক হ্ৰাস পাই অহাত এতিয়া প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভুক্তভোগী ক্ষুদ্ৰ চাহ খেতিয়ক সকলে।এইক্ষেত্ৰত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ বিশ্বনাথ আঞ্চলিক সমিতিৰ সম্পাদক ভৰত কলিতা,সহকাৰী সম্পাদক দীপাংকৰ শইকীয়া আৰু বিহালী আঞ্চলিক সমিতিৰ সভাপতি ৰাতুল দাসে কয় যে, অসম চৰকাৰৰ ৰহস্যজনক নীৰৱতা আৰু বৃহৎ পুঁজিপতি গোষ্ঠীৰ লগতে বটলিফ চাহ ফেক্টৰীৰ মালিক সকলৰ শোষণ-বঞ্চনাত এতিয়া দিকবিদিক হেৰুৱাই পেলাইছে প্ৰতিগৰাকী খাটিখোৱা ক্ষুদ্ৰ চাহ খেতিয়কে।

নিজ খেয়াল খুচিমতে কেঁচা চাহ পাতৰ দাম কমাই ক্ষুদ্ৰ চাহ খেতিয়ক সকলক ভাতে মৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা এই টোঘলগী কাৰ্য্যৰ বিৰুদ্ধে প্ৰতিবাদ জনাই সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ বিশ্বনাথ আৰু বিহালী আঞ্চলিক সমিতিয়ে অহা ২৬ জুলাইৰ পৰা অনিৰ্দিষ্টকালীন কেঁচা চাহ পাত নুতুলাৰ সিদ্ধান্ত গ্ৰহণ কৰি এক প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।এই প্ৰতিবাদী কাৰ্য্যসূচী বিশ্বনাথ জিলাৰ গহপুৰ আৰু বিশ্বনাথ মহকুমাৰ প্ৰতিখন আঞ্চলিক সমিতিয়ে যাতে পালন কৰে সেই বিষয়ে অহা ২৩ জুলাইত জিলাখনৰ আন আন আঞ্চলিক সমিতি সমূহৰ বিষয়ববীয়াৰ লগত আলোচনা কৰা হ'ব বুলি বিহালী আঞ্চলিক সমিতিৰ সভাপতি ৰাতুল দাসে জানিবলৈ দিছে।

এইক্ষেত্ৰত ৰাতুল দাসে কয় যে, লখিমপুৰ,ধেমাজি আৰু অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাত প্ৰতিকেজি কেঁচা চাহ পাতৰ দাম এতিয়াও ৩৫/৪০ টকা হৈ থকাৰ বিপৰীতে বিশ্বনাথ জিলাৰ গহপুৰ আৰু বিশ্বনাথ মহকুমাত বৰ্তমানৰ দৰ মাত্ৰ ১৬/১৭ টকা।উক্ত তিনিখন জিলাই যিহেতু এতিয়াও ক্ষুদ্ৰ চাহ খেতিয়ক সকলক উচিত মূল্য দিবলৈ সক্ষম হৈ আহিছে তেনেক্ষেত্ৰত বিশ্বনাথ জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে উচিত মূল্য বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে।প্ৰতিকেজি কেঁচা চাহপাতৰ দাম ৪৫ টকালৈ বৃদ্ধি কৰা, ৰাজসাহাৰ্য্য অনুসৰি ক্ষুদ্ৰ চাহ খেতিয়কক ইউৰিয়া সাৰ যোগানৰ ব্যৱস্থা কৰা আৰু বিশ্বনাথ জিলা টি মণিটৰিং কমিটিত জিলাখনৰ প্ৰতিখন আঞ্চলিক কমিটিৰ সভাপতি/সম্পাদকক অন্তৰ্ভুক্ত কৰিবলৈ ৰাতুল দাসে দাবী জনায়। লগতে তেওঁ কয় যে, ক্ষুদ্ৰ চাহ খেতিয়ক সকলে উচিত মুল্য লাভ নকৰালৈকে প্ৰতিবাদ অব্যাহত থাকিব।

উল্লেখযোগ্য যে,বিশ্বনাথ জিলাত প্ৰতিবছৰে বৃদ্ধি হৈ আহিছে ইটোৰ পিছত সিটো বটলিফ চাহ ফেক্টৰী।এনেদৰে চাহ ফেক্টৰী বৃদ্ধি পাই অহাৰ ফলত জিলাখনৰ প্ৰতিগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কৰ মনত যথেষ্ট আশাৰ সঞ্চাৰ ঘটিছিল।কিন্তু জিলাখনত যিমানেই বটলিফ চাহ ফেক্টৰী স্থাপন হৈছে সিমানেই এতিয়া দাম কমিবলৈ লৈছে কেঁচা চাহ পাতৰ।একাংশ প্ৰভাৱশালী ৰাজনৈতিক নেতা বটলিফ চাহ ফেক্টৰীৰ লগত জড়িত হৈ পৰাৰ পিছৰে পৰা পূৰ্বতকৈ অধিক শোষণ-বঞ্চনাৰ সন্মুখীন হ'বলগীয়া হৈছে জিলাখনৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকল।

ইফালে বিশ্বনাথ জিলাৰ প্ৰতিগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি বিশেষ আহ্বান জনাইছে। অসমৰ প্ৰতিটো স্তৰক পূৰ্বতকৈ অধিক গতিশীল কৰাৰ প্ৰতিশ্ৰুতিৰে শাসনৰ বাঘজৰী হাতত লোৱা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ প্ৰতিটো সমস্যা আৰু অভাৱ-অভিযোগৰ ওপৰত যাতে গুৰুত্ব প্ৰদান কৰে তাৰ বাবে বিশ্বনাথ জিলাৰ প্ৰতিগৰাকী ক্ষুদ্ৰ চাহ খেতিয়কে মুখ্যমন্ত্ৰী গৰাকীৰ ওচৰত কাতৰ আহ্বান জনাইছে।এইক্ষেত্ৰত জিলাখনৰ গহপুৰ আৰু বিশ্বনাথ মহকুমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে কেঁচা চাহপাতৰ উপযুক্ত মুল্য লাভ নকৰি শোষণ-বঞ্চনাৰ সন্মুখীন হৈ অহা বিষয়টোক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আন্তৰিকতাৰে গ্ৰহণ কৰি ইয়াৰ এক উচিত সমাধান কৰিব বুলি ক্ষুদ্ৰ চাহ খেতিয়ক সকলে আশা প্ৰকাশ কৰিছে।অসমৰ সেউজ অৰ্থনীতিত এক বিপ্লৱ আৰু জাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হোৱা খাটিখোৱা ক্ষুদ্ৰ চাহ খেতিয়ক সকলে এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক ফলপ্ৰসু পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in