বিশ্বনাথৰ ৰাজমিস্ত্ৰীৰ পুত্ৰই লাভ কৰিলে ৯৫.৮ শতাংশ নম্বৰ, উচ্চ শিক্ষাৰ দায়িত্ব ল’লে মন্ত্ৰী ৰঞ্জিত দত্তই…

বিশ্বনাথৰ ৰাজমিস্ত্ৰীৰ পুত্ৰই লাভ কৰিলে ৯৫.৮ শতাংশ নম্বৰ, উচ্চ শিক্ষাৰ দায়িত্ব ল’লে মন্ত্ৰী ৰঞ্জিত দত্তই…

ডিজিটেল সংবাদ, বিশ্বনাথঃ দৰিদ্ৰতা কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত অন্তৰায় হ'ব নোৱাৰে ৷ সেই কথা পুনৰ প্ৰমাণিত কৰিলে বিশ্বনাথ চাৰিআলিৰ ৰকী চাহুৱে ৷ ৰাজমিস্ত্ৰী কৰি পৰিয়াল পোহপাল দিয়া পিতৃ ৰঞ্জিত চাহুৱে অতি কষ্টেৰে পঢ়ুৱাইছিল নিজৰ পুত্ৰক৷

বিশ্বনাথ চাৰিআলিৰ খৰাশিমলু হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ৰকী চাহুৱে লাভ কৰিলে ৯৫.৮ শতাংশ ৷ ৰকীৰ সাফল্যত এতিয়া গৌৰাম্বিত সমগ্ৰ অঞ্চলবাসী ৷ উল্লেখ্য যে, ভৱিষ্যতে এগৰাকী অভিযন্তা হোৱাৰ আশাৰ মনত পুহি ৰখা ৰকিয়ে আৰ্থিক অনাটনৰ বাবে লব পৰা নাছিল ঘৰুৱা শিক্ষকৰ সহায়। ৰকিক সহায় কৰিছিল স্কুলৰ শিক্ষক সকলে।

ছাত্ৰীজনে গণিতত ১০০ নম্বৰ পোৱাৰ লগতে বিজ্ঞানত ৯৯, সমাজ বিজ্ঞানত ৯৯, ইংৰাজীত ৯১, অসমীয়াত ৯১, কম্পিউটাৰ বিষয়ত ৯৫ নম্বৰ লাভ কৰে। ইফালে অসমৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই ৰকিৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ সমস্ত খৰচ বহন কৰিব বুলি জানিবলৈ দিয়ে খৰাশিমলূ হাইস্কুলৰ প্ৰধান শিক্ষক হেমাংগ হাজৰিকাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in