বিশ্বনাথ চাৰিআলিৰ ৰাজহুৱা শ্মশানত পানী যোগান প্ৰকল্পৰ শুভ উদ্বোধন

বিশ্বনাথ চাৰিআলিৰ ৰাজহুৱা শ্মশানত পানী যোগান প্ৰকল্পৰ শুভ উদ্বোধন

ডিজিটেল সংবাদ, উত্তৰ অসমঃ বিশ্বনাথ চাৰিআলি নগৰৰ ৬ নং ৱাৰ্ডত অৱস্থিত ৰাজহুৱা শ্মশানত ভ্ৰাম্যমান পানীযোগান প্ৰকল্পৰ শুভ উদ্বোধন কৰে পৌৰপতি ৰুলী শৰ্মাই। কোনো ধৰণৰ ৰাজ সাহাৰ্য অবিহনে লক্ষাধিক টকা ব্যয় সাপেক্ষে সম্পূৰ্ণ কৰা এই প্ৰকল্পৰ সমুদায় খৰচ বহন কৰে বিশিষ্ট সমাজকৰ্মী, প্ৰতিষ্ঠিত উদ্যোগী নৰেন শৰ্মাই।

ভ্ৰাম্যমান পানীযোগান প্ৰকল্পটোৰ শুভাৰম্ভ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশ্বনাথ চাৰিআলি পৌৰসভাৰ তৰফৰ পৰা প্ৰকল্পটোৰ দাতাগৰাকীক সম্বৰ্ধনা জনোৱা হয়।নিজৰ চমু ভাষণত সমাজকৰ্মী গৰাকীয়ে দুভৰিত শক্তি থকালৈকে সমাজৰ উন্নয়নৰ হকে সামৰ্থ্য অনুযায়ী সহায়ৰ হাত আগবঢ়াই যাব বুলি দৃঢ়তাৰে কয়।

নৱ-প্ৰজন্মক সময় অপচয় নকৰি কঠোৰ পৰিশ্ৰম কৰিবলৈ অাহ্বান জনোৱাৰ লগতে তেওঁৰ ব্যক্তিগত জীৱনত সময়ৰ সৎ ব্যৱহাৰেই তেওঁৰ সফলতাৰ মূলমন্ত্ৰ বুলিও উল্লেখ কৰে। পৌৰপতি ৰুলী শৰ্মাই পৌৰসভাৰ অধীনস্থ ৰাজহুৱা শ্মশানখনৰ দীৰ্ঘদিনীয়া অভাৱ দূৰ কৰাৰ বাবে নৰেন শৰ্মাক কৃতজ্ঞতা জনোৱাৰ লগতে তেওৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।

নৰেন শৰ্মাৰ দৰে লোক সমাজত বিৰল বুলি উল্লেখ কৰি পৌৰপতি গৰাকীয়ে উল্লেখ কৰে। পৌৰসভাৰ কৰ্মচাৰী ভাস্কৰ জ্যোতি বৰাই আঁত ধৰা অনুষ্ঠানটোত ৱাৰ্ড কমিচনাৰ ৰীতা মহন্ত, ৰূপক দাস গুপ্ত, বিমান শইকীয়া, মাধবী চৰকাৰ, আচমা চুলতানা, তাপসী চাহা, জ্যেষ্ঠ কৰ্মচাৰী প্ৰদীপ শইকীয়া, ৰাতুল শৰ্মা, পবিত্ৰ বৰুৱা, ভূপেন কলিতা প্ৰমুখ্যে পৌৰ কৰ্মচাৰী সকলৰ উপৰিও কাৰ্যবাহী বিষয়া প্ৰঞ্জল দাসকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি তথা সাংবাদিক উপস্থিত থাকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in