বিশ্বনাথ জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সম্পন্ন, লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

বিশ্বনাথ জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সম্পন্ন, লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ডিজিটেল সংবাদ, বিশ্বনাথঃ বৰগাং প্ৰাথমিক বিদ্যালয়ত দেওবাৰে বৰগাং সাহিত্য সভাৰ আতিথ্যত অনুষ্টিত হয় বিশ্বনাথ জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক। ১১০ গৰাকী সদস্য-সদস্যা উপস্থিত থাকে জিলা সাহিত্য সভাৰ এই কাৰ্যনিৰ্বাহকত। আৰম্ভণিতে অসম সাহিত্য সভাৰ তিতাবৰ অধিবেশনৰ সভাপতি প্ৰয়াত ডঃ সত্যেন্দ্ৰনাথ শৰ্মাৰ স্মৃতিচাৰণ অনুস্হান অনুস্হিত হয়। য'ত বন্তি প্ৰজ্বলন কৰে জিলা সভাপতি হিৰণ্য হাজৰিকাই আৰু মুখ্য বক্তাৰ ভাষণ দিয়ে কবি বংশি বৰাই।

এই অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰহ্লাদ তাছা, কেন্দ্ৰীয় সহঃ সম্পাদক বিপুল শইকীয়া, সংগঠনিক সম্পাদক বিপুল শৰ্মা বৰদলৈ, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইন্দ্ৰ প্ৰসাদ শইকীয়া, লোকেশ্বৰী সন্দিকৈ আৰু বংশী বৰা। তেওঁলোকৰ লগতে উপস্থিত থাকে অসম সাহিত্য সভাৰ জিলা কাৰ্যনিৰ্বাহক দিলীপ কুমাৰ বৰুৱা, ঢকুৱাখানা সাহিত্য সভাৰ সভাপতি নামেশ্বৰ কাৰ্দং, প্ৰাক্তন জিলা উপ-সভাপতি নিৰণ ভূঞাকে ধৰি শাখাৰ সভাপতি সম্পাদক সকল।

সভাৰ বহুকেইটা সিদ্ধান্তৰ ভিতৰত পাভৈ শাখাত বিশ্বনাথ শাখাৰ সহযোগত কবি সন্মিলন, ছয়দুৱাৰ মহাবিদ্যালয়ত জনগোষ্ঠীয় কবি সন্মিলন, গহপুৰত জিলা সাহিত্য সভাৰ অধিৱেশন, কস্তৰবা কেন্দ্ৰত শিশুৰ মাজত এদিনীয়া আখৰ জোঁটনি কৰ্মশালা, কলাবাৰী অথবা দক্ষিণ কলাবাৰী শাখাত আকাশৰ অনুষ্ঠান, চাহ বাগান অঞ্চলত শাখা গঠন ইত্যাদি। লগতে ন্যাসৰ পৰা কবিতা, শিশু গল্প আৰু শিশু উপন্যাসৰ প্ৰতিযোগিতাৰ আয়োজনৰ কথা ঘোষণা কৰা হয়।

সভাৰ আঁত ধৰে জিলা সম্পাদক শ্ৰী অপূৰ্ব ফুকনে আৰু আদৰণি ভাষণ দিয়ে বৰগাং শাখাৰ সভাপতি ডঃ দুৰ্গেশ্বৰ বৰাই। ইয়াৰ উপৰি সুৰভি সাহিত্য সভাৰ আতিথ্যত জিলা সভাৰ প্ৰাক্তন সদস্য-সদস্যাৰ সৰ্তীথ সন্মিলন পতাৰো সিদ্ধান্ত লোৱা হয় দেওবাৰৰ সভাতে। জিলা সভাৰ পৰা মিডিয়া ফেল'শ্বিপৰ বাবে জিলাখনৰ পৰা নিৰ্বাচিত সাংবাদিক এনি ৰায়ভূঞাক আদৰণি জনোৱা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in