বিশ্বনাথত গামোচা, ঢোল-পেঁপা, জাপিৰে নিৰ্মাণ পূজা মণ্ডপ, চাওঁক VIDEO

বিশ্বনাথত গামোচা, ঢোল-পেঁপা, জাপিৰে নিৰ্মাণ পূজা মণ্ডপ, চাওঁক VIDEO

ডিজিটেল সংবাদ, বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথত এক ব্যতিক্ৰমী চিন্তাৰে নিৰ্মাণ কৰি উলিওৱা হৈছে এটা পূজা মণ্ডপ। অসমীয়াৰ স্বাভিমান গামোচাৰে সাজি উলিয়াইছে বিশ্বনাথ চাৰিআলিৰ কালিবাৰীৰ এই পূজা মণ্ডপটি।

প্ৰায় ৫২ ফুট ওখ এই মণ্ডপটি এতিয়া বিশ্বনাথবাসীৰ বাবে যেন গৌৰৱ হৈ পৰিছে। প্ৰায় ২০ ফুট ব্যাসাৰ্ধৰ জাপিৰে জাকত জিলিকা কৰি তুলিছে পূজা মণ্ডপটোক।

শীৰ্ষত ঢোল-পেঁপাৰে শেষ পৰশ দিয়া হৈছে মণ্ডপটোক। এই আটকধুনীয়া মণ্ডপটি দেখা পোৱা যাব কেৱল বিশ্বনাথৰ পূজা মণ্ডপটিত। যাৰ বাবে ভিৰ বাঢ়িছে ভক্তগণৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in