বিশ্বনাথত ৭৩তম স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি

বিশ্বনাথত ৭৩তম স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি

ডিজিটেল সংবাদ, উত্তৰ অসমঃ সমগ্ৰ দেশৰ লগতে বিশ্বনাথ জিলাতো দেশৰ ৭৩তম স্বাধীনতা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাকক্ষত শনিবাৰে আহ্বান কৰা এক বিশেষ বৈঠকত আগন্তুক স্বাধীনতা দিৱস উদযাপনৰ বিভিন্ন দিশ পুংখানুপুংখভাৱে আলোচনা কৰা হয়। উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত জিলাখনৰ প্ৰায় সকলোবোৰ চৰকাৰী বিভাগৰ শীৰ্ষ বিষয়াসকলৰ লগতে বিশ্বনাথ চাৰিআলিৰ জ্যেষ্ঠ নাগৰিক, ব্যৱসায়ী সন্থা, ছাত্ৰ সংগঠনৰ প্ৰতিনিধি আদি উপস্থিত থাকি এই দিৱস উদযাপন সন্দৰ্ভত গঠনমূলক দিহা-পৰামৰ্শ আগবঢ়ায়।

সমাগত স্বাধীনতা দিৱসৰ সমূহ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনাৰ বাবে শনিবাৰৰ সভাত কেইবাখনো উপ-সমিতিও গঠন কৰি দিয়া হয়। উপায়ুক্তগৰাকীয়ে জিলাখনৰ চৰকাৰী বিভাগসমূহক এই ক্ষেত্ৰত নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে অৱগত কৰাৰ লগতে নাগৰিক সমাজৰ পৰাও সম্পূৰ্ণ সহযোগিতা কামনা কৰে। স্বাধীনতা দিৱস উপলক্ষে বিশ্বনাথ জিলাৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন, কুচকাৱাজৰ অনুশীলন আদিৰ দায়িত্ব সংশ্লিষ্ট বিভাগসমূহৰ ওপৰত ন্যস্ত কৰা হয়।

দিৱসৰ মূল কাৰ্যসূচীত উপস্থিত থাকিব লগা মুখ্য অতিথি আৰু ৰাইজৰ আপ্যায়ন, সুৰক্ষা আদি বিভিন্ন দিশৰো পৰ্যালোচনা কৰা হয়। উল্লেখযোগ্য যে, বিগত বৰ্ষৰ দৰে এইবাৰো স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচীত জিলাখনৰ পৰা বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ব্যক্তিসকলক জিলা প্ৰশাসনে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাব। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখৰ খেলপথাৰত (কাছাৰী ময়দান) আয়োজিত এই কেন্দ্ৰীয় অনুষ্ঠানৰ লগত সংগতি ৰাখি অহা ১৩ আগষ্টত বিশ্বনাথ চাৰিআলি ৰক্ত ভঁৰালৰ সৌজন্যত এক স্বেচ্ছামূলক ৰক্তদান শিবিৰ আয়োজনৰো দিহা কৰা হৈছে।

উক্ত দিনা মহকুমা অসামৰিক চিকিৎসালয় তথা জিলা কাৰাগাৰৰ কয়দীসকলৰ মাজত ফল-মূল বিতৰণ, বিশেষভাৱে সক্ষম বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ফল-মূল বিতৰণ আদিৰো পৰিকল্পনা কৰা হৈছে। শনিবাৰৰ সভাত বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্তত্ৰয় দিগন্ত বৈশ্য, প্ৰদীপ কুমাৰ সূত্ৰধৰ আৰু পাৰিজাত ভূঞা, অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত সাৰথি বৰাকে ধৰি জিলা প্ৰশাসন, আৰক্ষী আৰু অন্যান্য চৰকাৰী বিভাগৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in