বৃদ্ধা মাতৃক পুত্ৰ-বোৱাৰীৰ নিৰ্যাতন! কন্যাই ভৰ্তি কৰিলে চিকিৎসালয়ত, আটক অভিযুক্তক…

বৃদ্ধা মাতৃক পুত্ৰ-বোৱাৰীৰ নিৰ্যাতন! কন্যাই ভৰ্তি কৰিলে চিকিৎসালয়ত, আটক অভিযুক্তক…

ডিজিটেল সংবাদ, বিশ্বনাথঃ এইবাৰ বিশ্বনাথত সংঘটিত হৈছে এগৰাকী বৃদ্ধা মাতৃৰ ওপৰত পুত্ৰ বোৱাৰীৰ মানসিক আৰু শাৰীৰিক অত্যাচাৰ। ঘটনাটো সংঘটিত হৈছে বিশ্বনাথঘাটৰ নতুন গাৱঁত৷ চন্দাৱতী দাস নামৰ ৭০ বছৰীয়া  মহিলা গৰাকীক পুত্ৰ আৰু বোৱাৰীয়ে নিৰ্যাতন চলোৱাৰ অভিযোগ বৃদ্ধা মহিলা গৰাকীৰ দুই জীয়ৰীৰ৷

পুত্ৰ উত্তম দাস আৰু বোৱাৰী পিংকি দাসে বৃদ্ধা গৰাকীক মাৰপিট কৰাৰ লগতে ভালকৈ খাবলৈ নিদিয়া আৰু চিকিৎসাৰ ব্যৱস্থা কৰি ঔষধ পাতি যোগান নধৰাৰ অভিযোগ উত্থাপন হৈছে৷ মহিলা গৰাকীৰ পৰিচৰ্য্যা নকৰি মাৰপিট কৰি নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি জীয়ৰী হিমা দাসে আৰক্ষী থানাত অভিযোগ দাখিল কৰাৰ পিছতে দেওবাৰে নিশা আৰক্ষী উপস্থিত হৈ মহিলা গৰাকীক উদ্ধাৰ কৰি আনি চিকিৎসালয়ত ভৰ্তি কৰে।

ইফালে, ঘটনা সন্দৰ্ভত পুত্ৰ আৰু বোৱাৰীয়েকক আটক কৰিছে আৰক্ষীয়ে৷ বৃদ্ধা মহিলা গৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে ৱোৱাৰী পিংকিয়ে তেওঁক মাৰপিট কৰে ৷ মাত্ৰ এসাজ খাবলৈ দিয়া বৃদ্ধা গৰাকীক এন্ধাৰ কোঠা এটাত ৰখা হয়৷ মাতৃৰ খবৰ ল'বলৈ অহা জীয়ৰীকো ঘৰত সোমাবলৈ বাধা দিয়াৰ বাবে পূৰ্বে আৰক্ষীৰ কাষ চাপিছিল যদিও আৰক্ষীৰ পৰামৰ্শ মতে দুয়ো জীয়ৰীয়ে ভায়েকৰ হাতত মাতৃৰ পৰিচৰ্য্যাৰ দায়িত্ব অৰ্পন কৰি দীৰ্ঘদিন আতৰি আছিল ৷

কিন্তু স্থানীয় লোকৰ পৰা মাতৃক অৱহেলা কৰাৰ খবৰ গম পাই অৱশেষত সখী একক অৱস্থান কেন্দ্ৰৰ কাষ চাপে জীয়ৰী৷ সখী একক অৱস্থান কেন্দ্ৰৰ তৎপৰতাত আৰক্ষীয়ে মহিলা গৰাকীক উদ্ধাৰ কৰে ৷ মহিলা গৰাকীৰ মৃত স্বামীয়ে পশুপালন বিভাগত চাকৰি কৰিছিল আৰু সেইসুত্ৰে মহিলা গৰাকীয়ে লাভ কৰে এক শকত অংকৰ পেঞ্চন ৷

সেই পেঞ্চনৰ ধন আত্মসাৎ কৰাৰ স্বাৰ্থতে জীয়ৰীয়ে মাতৃক পৰিচৰ্য্যা কৰাৰ দায়িত্ব ল'ব বিচৰাৰ পিছতো মাকৰ কাষলৈ জীয়ৰীক আহিবলৈ নিদিয়াৰ অভিযোগ উঠিছে উত্তমৰ বিৰোদ্ধে ৷ ইফালে, সকলো ঘটনা পোহৰলৈ অহাৰ পিছত চিকিৎসালয়ত বৃদ্ধা মহিলা গৰাকীক ভৰ্তি কৰি আৰক্ষীয়ে পুত্ৰ আৰু বোৱাৰীয়েকক নিজৰ জিম্মাত লোৱাৰ সময়ত পুত্ৰ উত্তম দাসে ভগ্নী কেইগৰাকীয়ে মাটি সম্পত্তি হস্তগত কৰাৰ বাবে এই অভিযোগ উত্থাপন কৰে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in