শেহতীয়া খবৰ
সীমাৰ ভাগ-বাটোৱাৰা  •  সীমাৰ ভাগ-বাটোৱাৰা  •  ৰঙাপৰাত আবকাৰী বিভাগৰ অভিযানত অৰুণাচলী সুৰাসহ এজনক আটক...  •  গোগামুখত পুৱাই উদ্ধাৰ সুগৰি পহুঃ সোৱণশিৰি বনাঞ্চলৰ পৰিৱৰ্তে কাজিৰঙাত কৰিব মুকলি...  •  গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষীৰ জালত দুই হত্যাকাৰী...  •  সোণৰ খনিৰ বাবে বিস্ফোৰক কঢ়িয়াই অনা ট্ৰাকত বিস্ফোৰণঃ ১৭ জন নিহত ৬০ জন আহত...  •  মঙলদৈ প্ৰেছ ক্লাৱত ঐতিহাসিক পথৰুঘাট ৰণ বিষয়ক আলোচনা চক্ৰৰ আয়োজন...  •  ৫০ বছৰীয়া হ'ল অৰুণাচলঃ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতি যুগমীয়া কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ...  •  প্ৰকৃতি সুৰক্ষা আৰু ৰক্ত দানৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে পদযাত্ৰাঃ টীয়কত উপস্থিত দৰংৰ যুৱক...  •  নতুন সংসদ ভৱন নিৰ্মাণ ব্যয় ২৯ শতাংশ বৃদ্ধিঃ ৯৭১ কোটিৰ পৰা ১,২৫০ কোটিলৈ বৃদ্ধি কৰা হ'ল নিৰ্মাণ ব্যয়....

বিশ্বনাথত জব্দ বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা…

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথ জিলা আবকাৰী বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা।As25CC-8900 নম্বৰৰ এখন ট্ৰাকত অবৈধ ভাবে গহপুৰৰ দিশৰ পৰা তেজপুৰ অভিমুখে অবৈধ অৰুণাচলী সুৰাখিনি লৈ গৈ থকা অবস্থাত বিশ্বনাথ জিলা আবকাৰী বিভাগৰ অভিযানকাৰী দল এটাই বিশ্বনাথৰ প্ৰতাপগঢ় চাহ বাগিচাৰ সমিপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰে সুৰা ভৰ্তি ট্ৰাকখন।

ইফালে আবকাৰী বিভাগৰ অভিযান কাৰী দলটোক দেখা লগে লগে অবৈধ সুৰা কঢ়িয়াই নিয়া ট্ৰাক চালকজন পলায়ন কৰে।পিছত আবকাৰী বিভাগৰ দলটোয়ে কেৰেং গাড়ীৰ সহায়ত সুৰা ভৰ্তি ট্ৰাকখন লৈ আনে নিজৰ কাৰ্যালয়ত।ট্ৰাকখনত অনুমানিক তিনি শ কাৰ্টুন মান অবৈধ সুৰা আছে বুলি জানিব দিছে আবকাৰী বিভাগে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি