বিশ্বনাথৰ ৰাইজ, দল-সংগঠনেৰে নৱনিযুক্ত উপায়ুক্তৰ বৈঠক

বিশ্বনাথৰ ৰাইজ, দল-সংগঠনেৰে নৱনিযুক্ত উপায়ুক্তৰ বৈঠক

ডিজিটেল সংবাদ, উত্তৰ অসমঃ বিশ্বনাথ জিলাৰ নৱনিযুক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে বুধবাৰে বিশ্বনাথ চাৰিআলিৰ স্থানীয় ৰাইজ, জ্যেষ্ঠ নাগৰিকসকল আৰু বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিসকলৰ সৈতে আনুষ্ঠানিকভাৱে পৰিচয় হোৱাৰ উদ্দেশ্যেৰে এক বিশেষ বৈঠকত মিলিত হয়। উপায়ুক্তৰ সভাকক্ষত আয়োজিত এই বৈঠকত জিলাখনৰ বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়াসকলে নৱাগত উপায়ুক্তগৰাকীক ফুলাম গামোচা, জনগোষ্ঠীয় বস্ত্ৰ আদি উপহাৰেৰে বিশ্বনাথ জিলালৈ আদৰণি জনায়।

উপায়ুক্তগৰাকীয়ে উপস্থিত ৰাইজৰ লগত আনুষ্ঠানিকভাৱে চিনাকি হোৱাৰ লগতে জিলাখনৰ বিভিন্ন সমস্যাৰাজি, অভাৱ-অভিযোগ আদিৰ বিষয়ে অৱগত হয় আৰু তেওঁ প্ৰাৰম্ভিকভাৱে হাতত ল'বলগীয়া কেইটামান গুৰুত্বপূৰ্ণ কাম-কাজ সম্পৰ্কত ৰাইজৰ পৰা পৰামৰ্শ বিচাৰে। উপায়ুক্তগৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বৈঠকত উপস্থিত বহুকেইগৰাকী ব্যক্তিয়ে জিলাখনৰ বিভিন্ন সমস্যা তথা কৰিবলগীয়া কাম-কাজৰ বিষয়ে বক্তব্য আগবঢ়ায়।

জ্যেষ্ঠ নাগৰিক জিতেন ভাগৱতী, নিত্যা গগৈ, বিজয় গোস্বামী আদিৰ লগতে প্ৰায় প্ৰতিগৰাকী বক্তাই বিশ্বনাথ চাৰিআলিত অতি সোনকালে প্ৰতিটো গুৰুত্বপূৰ্ণ চৰকাৰী বিভাগসমূহৰ জিলা পৰ্যায়ৰ কাৰ্যালয় মুকলি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিশেষকৈ জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ কাম-কাজ এতিয়াও তেজপুৰৰ পৰাই পৰিচালিত হোৱাৰ বাবে জিলাখনৰ কৰ্মৰত আৰু অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰীসকলে অভাৱনীয় দুৰ্ভোগ ভূগিবলগীয়া হৈছে বুলি বহুকেইগৰাকী বক্তাই মত পোষণ কৰে।

বৈঠকত আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আমছু, আটছা, কাৰ্বি ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, মিচিং ছাত্ৰ সন্থা, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আদি প্ৰায় প্ৰতিটো জাতীয় সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকি বক্তব্য আগবঢ়ায়। বৈঠকত বক্তাসকলে উপায়ুক্তগৰাকীৰ কৰ্ণগোচৰ কৰা অন্যান্য কেইটামান গুৰুত্বপূৰ্ণ বিষয় হৈছে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্ম পৰিৱেশ উন্নত কৰা, বিশেষকৈ মাটি-বাৰী সংক্ৰান্তীয় কাম-কাজসমূহ যথাসম্ভৱ দ্ৰুতভাৱে সম্পাদনৰ ব্যৱস্থা কৰা; বিশ্বনাথ চাৰিআলি চহৰৰ দীৰ্ঘদিনীয়া যান-জঁটৰ সমস্যা, বিশেষকৈ ই-ৰিক্সা, পাৰ্কিং আদি দিশত এক সমাধানসূত্ৰ উলিওৱা; চহৰখনৰ গুৰুত্বপূৰ্ণ স্থানসমূহত পৰ্যাপ্ত সমূহীয়া প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা কৰা, বিশ্বনাথ চাৰিআলি নগৰ সম্প্ৰসাৰণৰ প্ৰস্তাৱিত মাষ্টাৰ প্লেন সঠিক ৰূপত ৰূপায়ণ কৰা, অপৰিকল্পিত নিৰ্মাণকাৰ্য, চহৰখনক কৃত্ৰিম বানপানীৰ পৰা মুক্ত কৰি ৰখাৰ লগতে উপযুক্ত জল নিষ্কাশন ব্যৱস্থাৰ স্বাৰ্থত গলিয়া নদীক বেদখলমুক্ত কৰি তোলা, বিশ্বনাথ আৰক্ষী জিলা আৰু অসামৰিক জিলাৰ সীমা একে কৰাৰ ব্যৱস্থা কৰা, গহপুৰৰ অসম-অৰুণাচল সীমান্তত অৰুণাচলী মদৰ অবৈধ সৰবৰাহ আৰু চাহ বাগিচাৰ বজাৰসমূহত কুকুৰা যুঁজৰ দৰে জুৱাৰ পয়োভৰ নিয়ন্ত্ৰণ কৰা, কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ লগত গহপুৰৰ উত্তৰাঞ্চলৰ জনজাতীয় লোকসকলৰ সীমা সমস্যা সমাধান কৰা আৰু ৰাইজক মাটিৰ ম্যাদী পট্টা প্ৰদানৰ ব্যৱস্থা কৰা, জিলাখনত চাৰিশৰীয়া ঘাইপথৰ কাম-কাজৰ অচলাৱস্থা দূৰ কৰা, পৰ্যটনৰ বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰা, জিলাখনৰ চৰকাৰী কাৰ্যালয়সমূহত অসমীয়া ভাষাৰ ব্যৱহাৰ সুনিশ্চিত কৰা আদি।

উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে ৰাইজৰ প্ৰতিটো কথা মনোযোগেৰে শুনে আৰু এই দিশসমূহ অৱগত কৰাৰ বাবে বক্তাসকলক ধন্যবাদ জ্ঞাপন কৰে। নিজৰ কাৰ্যকালত পৰ্যায়ক্ৰমে এই সকলোবোৰ দিশত সামৰ্থানুষাৰে কাম-কাজ আগুৱাই নিব বুলি তেওঁ ৰাইজক আশ্বাস প্ৰদান কৰে। জিলাখনৰ কাম-কাজসমূহ সঠিকভাৱে আগুৱাই নিয়াৰ স্বাৰ্থত তেওঁ অনাগত সময়চোৱাত ৰাইজৰ সহায়-সহযোগিতা কামনা কৰাৰ লগতে প্ৰশাসনৰ কাম-কাজত চকু ৰাখি ভুল-ত্ৰূটীবোৰ আঙুলিয়াই দিবলৈকো সকলোৰে প্ৰতি আহ্বান জনায়।

বিশ্বনাথ চাৰিআলি জ্যেষ্ঠ নাগৰিক সন্থা, চাৰিআলি বণিক সন্থা, জিলা সাহিত্য সভা আদিৰ লগতে জিলাখনৰ প্ৰায়বোৰ জাতীয় সংগঠনৰ প্ৰতিনিধিয়ে অংশ লোৱা এই বৈঠকত আৰক্ষী অধীক্ষক ৰাকেশ ৰোশন, অতিৰিক্ত উপায়ুক্ত প্ৰদীপ কুমাৰ সূত্ৰধৰ আৰু জনসংযোগ বিষয়া প্ৰশান্ত কুমাৰ বৰাও উপস্থিত থাকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in