ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে বিশ্বনাথত বাতৰি লিখা প্ৰতিযোগিতাৰ আয়োজন…

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে বিশ্বনাথত বাতৰি লিখা প্ৰতিযোগিতাৰ আয়োজন…

ডিজিটেল সংবাদ, বিশ্বনাথ চাৰিআলিঃ ২০১৯ বৰ্ষৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ বিশ্বনাথ জিলাভিত্তিক কেন্দ্ৰীয় অনুষ্ঠানটি অহা ১৬ নৱেম্বৰ তাৰিখে গহপুৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিশ্বনাথ জিলা জনসংযোগ বিভাগৰ উদ্যোগত, গহপুৰ মহকুমা প্ৰশাসন আৰু গহপুৰ মহকুমাৰ সাংবাদিকসকলৰ সহযোগত তথা ছয়দুৱাৰ মহাবিদ্যালয়ৰ গণমাধ্যম বিভাগৰ আতিথ্যত আয়োজিত হ'বলগীয়া এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি জিলাখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক বাতৰি লিখা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।

প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত হ'ব। 'ক' শাখাত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক সামৰি লোৱা হ'ব। তেওঁলোকে নিজৰ অঞ্চলৰ বিভিন্ন সমস্যাৰাজিৰ বিষয়ে ২৫০ টা শব্দৰ ভিতৰত মুখ্যমন্ত্ৰীলৈ এখনি মুকলি চিঠি লিখিব লাগিব। 'খ' শাখাত স্নাতক আৰু স্নাতকোত্তৰ মহলাৰ ছাত্ৰ-ছাত্ৰীসকলক সামৰি লোৱা হ'ব। এই শাখাৰ প্ৰতিযোগীসকলে বিভিন্ন বিষয়ৰ তিনিটা বাতৰি বা প্ৰতিবেদন লিখিব লাগিব।

প্ৰতিটো বাতৰিৰে শব্দৰ সংখ্যা ১৫০তকৈ বেছি হ'ব নালাগিব। ইচ্ছুক প্ৰতিযোগীসকলে মুকলি চিঠি বা বাতৰিৰ প্ৰতিলিপিসমূহ নিজৰ সম্পূৰ্ণ নাম-ঠিকনা আৰু ফোন নম্বৰসহ অহা ১৩ নৱেম্বৰৰ ভিতৰত পোৱাকৈ বিশ্বনাথ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত (পি কে বৰাঃ ৯৫০৮৫৫৩২১৪) নাইবা গহপুৰৰ মহকুমাধিপতিৰ কাৰ্যালয়ত (এছ নেওগঃ ৭৫৭৭০৮১৬৬৮ ) জমা দিব পাৰিব।

ফুলস্কেপ কাগজৰ এপিঠিত প্ৰতিযোগীয়ে নিজে পৰিস্কাৰ হাতৰ আখৰেৰে লিখা ৰচনাসমূহ স্পষ্টকৈ ফটো তুলি বা স্কেন কৰি হোৱাটছএপ নম্বৰঃ৯৫০৮৫৫৩২১৪ অথবা ই-মেইল sdiprobnc@gmail.com লৈও পঠিয়াব পাৰিব। প্ৰতিযোগিতাৰ বিজয়ীসকলক অহা ১৬ নৱেম্বৰত ছয়দুৱাৰ মহাবিদ্যালয়ত আয়োজিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ অনুষ্ঠানত পুৰস্কৃত কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in