বিশ্বনাথৰ বামগাঁৱত উদযাপন হ’ল ন-খোৱা পৰ্ব, VIDEO

বিশ্বনাথৰ বামগাঁৱত উদযাপন হ’ল ন-খোৱা পৰ্ব, VIDEO

ডিজিটেল সংবাদ, বিশ্বনাথঃ পদূলিমুখ আহি পালেহি ভোগৰ উৎসৱ মাঘ বিহু। সপোনবোৰ দিঠকত পৰিণত কৰাৰ ৰাগী লগা এই আঘোন মাহ। শুভ্ৰ বুকুক সাৱটি ৰাখে যেন ঘন কুঁৱলীৰ চাদৰখনিয়ে। মুকুতাৰ দৰে চিকমিকাই উঠে হালধীয়া পথাৰত ওলমি থকা নিয়ৰৰ সৰু সৰু হিৰাৰ টুকুৰা। কিন্তু এতিয়া ন খোৱা বতৰ। ৰাজ্যৰ চৌদিশে এতিয়া আৰম্ভ হৈছে ন খোৱা পৰ্ব। পিছ পৰি নাথাকিল বিশ্বনাথৰ বামগাঁওবাসীয়ো।

যান্ত্ৰিকতাৰ সৈতে আগুৱাই যোৱাৰ লগতে সংস্কৃতি আৰু পৰম্পৰাগতভাৱে প্ৰতি বছৰে বিশ্বনাথৰ বামগাঁৱত অনুস্থিত হৈ আহিছে ন খোৱা অনুষ্ঠান। কঁকাল ঘূৰাই বিহুৰ টালে টালে মতলীয়া হৈ পৰিল অনুষ্ঠানত অংশগ্ৰহণ কৰা মহিলা সকল। বিশ্বনাথ ব্ৰাহ্মণ সমাজৰ সকলোকে সামৰি এক আনন্দ ফূৰ্তি আৰু উৎসাহ-উদ্দীপনাৰ মাজত প্ৰতি বছৰে বিশ্বনাথৰ এই অঞ্চলত এনেদৰে সকলোৱে মিলা-প্ৰীতিৰে ন খোৱাৰ অনুষ্ঠানৰ আয়োজন কৰে। এই নখোৱাৰ জৰিয়তে বিশ্বনাথ চাৰিআলিৰ বামগাওঁস্থিত বিষ্ণু মন্দিৰৰ চৌহদত এক উৎসৱ মুখৰ পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হয় এই সকল লোকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in