ৰাজনীতিৰ পথাৰত নহয়, শ্ৰেণী কোঠাত এজন শিক্ষকৰ ৰূপত বিধায়ক…

ৰাজনীতিৰ পথাৰত নহয়, শ্ৰেণী কোঠাত এজন শিক্ষকৰ ৰূপত বিধায়ক…

ডিজিটেল সংবাদ,বিশ্বনাথ চাৰিআলি : ব্যতিক্ৰমী ৰূপত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ।ৰাজনীতিৰ পথাৰত নহয়,এইবাৰ শ্ৰেণী কোঠাত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ। বৃহস্পতিবাৰে বিশ্বনাথ ঘাটৰ বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে বিশ্বনাথ উচ্চ মাধ্যমিক বিদ্যালয়ত এটি নিৰ্মান কাৰ্যৰ কাম আৰম্ভ কৰি ছাত্ৰ ছাত্ৰীক পাঠদান কৰে বিধায়ক গৰাকীয়ে ।

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰামীণ উন্নয়ন যোজনাৰ অধীনত ২০ লাখ টকা ব্যায় সাপেক্ষে বিদ্যালয় খনৰ খেলপথাৰখনৰ চাৰিসীমাৰ পকী বেৰ নিৰ্মানৰ শুভাৰাম্ভ কৰে বিধায়ক গৰাকীয়ে । বিধায়ক প্ৰমোদ বৰঠাকুৰ ৰাজনীতিৰ পথাৰত ভৰি দিয়াৰ পূৰ্বে বিশ্বনাথ চাৰিআলি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৰ্থ বিজ্ঞান (Economics) বিষয় শিক্ষক আছিল । বৃহস্পতিবাৰে হঠাৎ ৰাজনীতিৰ পৰা কিছু নিলগত থাকি ছাত্ৰ ছাত্ৰীৰ সৈতে শিক্ষকৰ ৰূপত ব্যস্ত হৈ পৰে বিধায়ক গৰাকী ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in