এটা ‘কমা’ৰ বাবেই মুখ্যমন্ত্ৰী হ’ল হিমন্ত বিশ্ব শৰ্মা, চাওক VIDEO

এটা ‘কমা’ৰ বাবেই মুখ্যমন্ত্ৰী হ’ল হিমন্ত বিশ্ব শৰ্মা, চাওক VIDEO

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা! বিশ্বনাথত বিজেপিয়ে আয়োজন কৰা শান্তি সমদলৰ পূৰ্বে এই ঘোষণা কৰিলে বিজেপিৰে এজন সাংসদে। তেজপুৰ সমষ্টিৰ সাংসদ পল্লৱলোচন দাসে শান্তি সমদলত সকলোকে অংশ লবলৈ আহ্বান জনাই ক'লে- মৌন সমদললৈ আমি সকলোকে যাবলৈ অনুৰোধ জনাইছো। মাননীয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ নেতৃত্বত আমি সকলোকে শান্তি সমদললৈ অগ্ৰসৰ হৈছো। সকলোকে অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো।'

যিকোনো লোকেই এই ভিডিঅ চাই প্ৰথমে উচপ খাই উঠিব। দলৰে এজন সাংসদে কেনেকৈ ৰাজহুৱাভাৱে কলে হিমন্ত বিশ্ব শৰ্মাক কলে মুখ্যমন্ত্ৰী বুলি। আচলতে এয়া জিভা পিছলি হোৱা ভুল। মাননীয় মুখ্যমন্ত্ৰী বুলি কৈ তেওঁ কিছু সময় ৰব লাগিছিল। কিন্তু তেওঁ সেয়া নকৰিলে। যাৰ বাবে মুখ্যমন্ত্ৰী বুলি হিমন্ত বিশ্ব শৰ্মাকে কোৱা যেন লাগিল। ইয়াৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী বুলি সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ নামটো উল্লেখ কৰা হয়। সেয়াও নকৰাত মুখ্যমন্ত্ৰী বুলি হিমন্ত বিশ্ব শৰ্মাকে সম্বোধন কৰিলে বুলি এই ভিডিঅ ভাইৰেল হৈ পৰিল।

উক্ত ভিডিঅ আমি কেইবাবাৰো পৰীক্ষা কৰি দেখিলো সেইসময়ত পল্লৱ লোচন দাসে মুখ্যমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসক সম্বোধন কৰিছিল। মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ নাম কওতে কিছু সময় নোৰোৱাকৈ কথাখিনি কৈ যোৱাৰ বাবেই এনে শুনা গ'ল। যি কাৰনেতেই নহওক এই ভিডিঅই এতিয়া চৰ্চাৰ শীৰ্ষত।

এনেও হিমন্ত বিশ্ব আৰু সৰ্বানন্দ সোণোৱালৰ মাজত কিছুদিন ধৰি যেন ৰাহি-জোৰা অহা নাই। খানাপাৰাৰ সভাত দলৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিতেই কটাক্ষ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। মোক অকলশৰীয়া নকৰিব বুলি জনোৱা আহ্বানৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাকেইষাৰ আছিল মুখ্যমন্ত্ৰীৰ বাবে অপমান স্বৰুপ। তেনে পৰিৱেশ-পৰিস্থিতিত বিশ্বনাথৰ সভাত পল্লৱলোচন দাসে দুয়োজনৰ মাজত কথাখিনি কৈ থাকোতে এটা কমা(,) জোখাৰে সময় নোৰোৱাৰ বাবেই হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী বুলি সম্বোধন কৰা যেন শুনা গ'ল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in