বিশ্বনাথত অসামৰিক চিকিৎসালয়ত নাই পৰ্যাপ্ত সা-সুবিধা, ৰোগীক চোৰ সজালে কৰ্তৃপক্ষই

বিশ্বনাথত অসামৰিক চিকিৎসালয়ত নাই পৰ্যাপ্ত সা-সুবিধা, ৰোগীক চোৰ সজালে কৰ্তৃপক্ষই

ডিজিটেল সংবাদ, বিশ্বনাথ চাৰিআলিঃ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যি সময়ত অসমৰ ইতিহাস নতুনকৈ ৰচনা কৰাৰ কথা কৈ আছে, সেই সময়তে মন্ত্ৰী গৰাকীৰ দায়িত্বত থকা স্বাস্থ্য খণ্ডৰ পয়ালগা অৱস্থা দেখিলে আপোনাৰ চকু কপালত উঠিব। চিকিৎসালয় সমূহত নাই পৰ্যাপ্ত পৰিমানৰ সা-সুবিধা। আনকি জৰুৰীকালীন সময়ত যদি ৰোগী চিকিৎসালয়ত উপস্থিত হয়, তেতিয়া কিন্তু লাভ নকৰে পৰ্যাপ্ত সা-সুবিধা।

আনহাতে চিকিৎসালয়ত ভৰ্তি থকা ৰোগী সকলৰ বাবেও নাই আঠুৱা-কম্বল। যাৰ জলন্ত উদাহৰণ বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়। শণিবাৰে বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৰ নমৰাৰ বনভোজস্হলীত সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনা। নমৰাত থকা ওলোমা দলঙৰ ৰছী ছিঙি যোৱাৰ ফলত আহত হৈছিল অৰ্ধ শতাধিক লোক। এই লোক সকলক ভৰ্তি কৰোৱা হৈছিল বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়ত। কিন্তু ভৰ্তি কৰোৱা আহত সকলৰ বাবে চিকিৎসালয়খনত নাই প্ৰয়োজনীয় সা-সুবিধা। যাৰ বাবে এই ৰোগী সকল ঠাণ্ডাত কঁপি কঁপিয়েই বিচনাত শুই থাকিবলগীয়া হয়।

ৰোগীৰ অভিভাৱকে আঠুৱা-কম্বল, বিচনা-চাদৰ আদি বিচাৰোতে চিকিৎসালয় কৰ্তৃপক্ষই চোৰহে সজালে ৰোগী সকলক। কৰ্তৃপক্ষৰ মতে ৰোগী সকলে চিকিৎসালয়ৰ পৰা চোৰ কৰি নিয়ে হেনো এই সামগ্ৰী সমূহ। কৰ্তৃপক্ষই দায় সাৰিবলৈকে এনে অদ্ভুত মন্তব্য দিয়াক লৈও বিশ্বনাথত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in