জনতাৰ ক্ষোভঃ বিহুৰ দিনাই বিশ্বনাথ ঘাটত জ্বলাই দিলে বন বিভাগৰ বাহন…

জনতাৰ ক্ষোভঃ বিহুৰ দিনাই বিশ্বনাথ ঘাটত জ্বলাই দিলে বন বিভাগৰ বাহন…

ডিজিটেল ডেস্কঃ ৰাজ্যজুৰি ভোগালী বিহুৰ আনন্দ উল্লাহৰ মাজতে বিশ্বনাথত সৃষ্টি হল এক অবাঞ্চিত পৰিস্থিতিৰ। বনবিভাগৰ গাড়ীত একাংশ উত্তেজিত ৰাইজে কৰিলে অগ্নি সংযোগ। বন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰিবলৈ গৈ উত্তেজিত ৰাইজে জ্বলাই দিলে এখন বলেৰ গাড়ী।

প্ৰাপ্ত খবৰ অনুসৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বনৰীয়া ম'হৰ আক্ৰমণত এজন লোকৰ মৃত্যু হৈছিল। এই ঘটনাৰ পাছতে বন বিভাগৰ গা এৰা মনোভাৱৰ বাবেই এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলি উত্তেজিত হৈ পৰে একাংশ ৰাইজ।

উল্লেখ্য যে, ভোগালী বিহুৰ পুৱাই বনৰীয়া মহটোৰ আক্ৰমণত মৃত্যু হৈছে বিশ্বনাথৰ মটক গাৱঁৰ ডয়ন্ত দাস নামৰ লোকজনৰ। প্ৰতিবাদী ৰাইজে বনবিভাগৰ ওপৰত অভিযোগ কৰে যে, ষষ্ঠ সংযোজনৰ নামত ৰাইজক হাৰাশাস্তি কৰিছে বন বিভাগে। অৱশেষত আৰক্ষী উপস্থিত হোৱাৰ পাছত শাম কাটে পৰিস্থিতি।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in