বন বিভাগ-আৰক্ষীৰ সফল অভিযান, বিশ্বনাথৰ ৰাংচালিত ৪টা দুৰ্ধৰ্ষ চোৰাং চিকাৰী কৰায়ত্ত…

বন বিভাগ-আৰক্ষীৰ সফল অভিযান, বিশ্বনাথৰ ৰাংচালিত ৪টা দুৰ্ধৰ্ষ চোৰাং চিকাৰী কৰায়ত্ত…

বিশ্বনাথ চাৰিআলি, ২৭ নৱেম্বৰঃ বিশ্বনাথ চাৰিআলিৰ বন বিভাগ আৰু বিহালী আৰক্ষীৰ যুটীয়া অভিযানত মঙলবাৰে নিশা বিশ্বনাথ জিলাৰ বিহালী থানাৰ অধীনৰ ৰাংচালি এলেকাৰ পৰা চাৰিটাকৈ দুৰ্ধৰ্ষ চোৰাং চিকাৰী কৰায়ত্ত কৰি সম্ভাব্য গঁড় হত্যাৰ এক পৰিকল্পনা ব্যৰ্থ কৰাৰ লগতে বহু আপত্তিজনক সামগ্ৰী জব্দ কৰা হয়।

বন বিভাগৰ মতে, এক নিৰ্ভৰযোগ্য সূত্ৰৰ পমখেদি মঙলবাৰে নিশা প্ৰায় ৯.৩০ বজাত বিশ্বনাথ চাৰিআলিস্থিত অপৰাধ অনুসন্ধান বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া প্ৰাঞ্জল বৰুৱা, গমিৰি বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া নয়নজ্যোতি গগৈ আৰু বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু দুৱৰাৰ নেতৃত্বত যোৱা এটা যুটীয়া অভিযানকাৰী দলে অসম বন সুৰক্ষা বাহিনীৰ দ্বিতীয় বেটেলিয়নৰ সহযোগত অঞ্চলটোৰ বটিয়ামাৰী-ৰাংচালি পথেৰে আহি থকা এ.এছ.১২এ.চি.-৫৭৯৭ নম্বৰৰ এখন টেম্পো গাড়ীৰ পৰা এই চিকাৰীকেইটাক কৰায়ত্ত কৰে।

অভিযানকাৰী দলৰ জেৰাত চিকাৰীকেইটাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় চিকাৰৰ বাবে অহাৰ কথা স্বীকাৰ কৰে। ধৃত চিকাৰীকেইটাৰ পৰা গঁড় চিকাৰত ব্যৱহৃত বিভিন্ন আপত্তিজনক সামগ্ৰীৰ লগতে চাৰিটাকৈ মোবাইল আৰু ৰচিদ-পাতিও জব্দ কৰা হয়। অভিযানকাৰী দলটোৰ জালত পৰা চিকাৰীকেইটা হৈছে মণিপুৰৰ চুড়াচান্দপুৰ জিলাৰ তীক্ষ্ণ শ্বুটাৰ পাওচানথাং গুইটে ওৰফে থাঙ্গ (৩৩), লখিমপুৰ জিলাৰ ধলপুৰৰ অভিজ্ঞতাসম্পন্ন তথা ৱাণ্টেড চিকাৰী বাবুল দাস ওৰফে দুদু (৪৪), বিহালীৰ নেপালীবাৰী গাঁৱৰ বিমল বনিয়া ওৰফে বাবু (২৪) আৰু শোণিতপুৰ জিলাৰ খেলমাটি হাঁহচৰা বাগানৰ বহু অভিজ্ঞতাসম্পন্ন তথা ৱাণ্টেড চিকাৰী সুখদেৱ মুখীয়া ওৰফে গুলনা বিন (৫৫)।

বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাই জনোৱা অনুসৰি ইয়াৰে পাওচানথাং গুইটে, বাবুল দাস আৰু সুখদেৱ মুখীয়া হৈছে অতিশয় অভিজ্ঞ, দুৰ্ধৰ্ষ আৰু ম'ষ্ট ৱাণ্টেড চোৰাং চিকাৰী। আৰু এই কেইজন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্পত সংঘটিত বহুকেইটা গঁড় হত্যাৰ লগত জড়িত। এই চিকাৰীকেইটাক বৃহস্পতিবাৰেলৈ বিশ্বনাথ চাৰিআলিৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হ'ব।

উল্লেখযোগ্য যে, চোৰাং চিকাৰীৰ এই দলটোৱে চলাব খোজা এয়া দ্বিতীয়টো প্ৰয়াস আছিল। ইয়াৰ পূৰ্বেও এই চিকাৰীকেইটাও যোৱা ৮ নৱেম্বৰত গঁড় চিকাৰৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰৱেশৰ চেষ্টা কৰিছিল যদিও গোপন সূত্ৰৰ ভিত্তিত বন বিভাগ আৰু আৰক্ষীৰ এই একেটা দলে সেইবাৰো চিকাৰী দলটোৰ প্ৰয়াস ব্যৰ্থ কৰিবলৈ সক্ষম হৈছিল। স্মৰ্তব্য যে, বিশ্বনাথ চাৰিআলিৰ অপৰাধ অনুসন্ধান বনাঞ্চলিক কাৰ্যালয়ে যোৱা ২৫ নৱেম্বৰত বিশ্বনাথ চাৰিআলি চহৰৰ পৰা আটক কৰিবলৈ সক্ষম হোৱা ৰাংচালি দলনিৰ দুৰ্ধৰ্ষ চিকাৰী বাবুল দাসো (৩৮) মঙলবাৰে নিশা কৰায়ত্ত কৰা এই দলটোৰে অন্যতম সদস্য আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in