প্ৰথম বিশ্বনাথ চলচ্চিত্ৰ মহোৎসৱত জুবিন গাৰ্গৰ অংশগ্ৰহণ ..

প্ৰথম বিশ্বনাথ চলচ্চিত্ৰ মহোৎসৱত জুবিন গাৰ্গৰ অংশগ্ৰহণ ..

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ডাঃ সান্ত্বনা বৰদলৈ লগতে সাংস্কৃতিক জগতৰ বহু ৰথী-মহাৰথী

ডিজিটেল সংবাদ, বিশ্বনাথঃ চলচ্চিত্ৰ জ্বৰত আক্ৰান্ত হৈ পৰিছে বিশ্বনাথ চাৰিআলি চহৰ।কিয়নো জিলাখনৰ পোনপ্ৰথমবাৰৰ বাবে আয়োজিত হৈছে এক বৃহৎ চলচ্চিত্ৰ মহোৎসৱ। বৃহস্পতি বাৰৰ পৰা আয়োজিত এই সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰৰ বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি।

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাতা ডাঃ সান্ত্বনা বৰদলৈয়ে উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি বিশ্বনাথ চলচিত্ৰ মহোৎসৱ ভাগ উদ্বোধন কৰে। অনুষ্ঠান উদ্বোধন কৰি সান্ত্বনা বৰদলৈয়ে ভাষণ প্ৰসংগত কয় এখন দেশত তথা ৰাজ্যত চলচ্চিত্ৰৰ প্ৰতি নৱপ্ৰজন্মক উৎসাহিত কৰিবৰ বাবে চলচ্চিত্ৰ মহোৎসৱ প্ৰতি জিলাতে অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰক। বিশ্বনাথত এনে উৎসৱ পতাৰ বাবে শলাগ লৈ বৰদলৈয়ে লগতে চলচ্চিত্ৰ মহোৎসবে অসমীয়া ছবিৰ লগতে অন্য ভাষাৰ ছবিসমূহকো লাভবান কৰিব।

উদ্বোধনী অনুষ্ঠানৰ পাছতেই মহোৎসৱৰ উন্মোচনী ছবি হিচাপে প্ৰদৰ্শন কৰা হয় ডাঃ বৰদলৈৰ বহুচৰ্চিত ছবি "মাজ ৰাতি কেতেকী"। আনহাতে বৃহস্পতি বাৰে সন্ধ্যা সাত বজাত প্ৰদৰ্শন কৰা অনুপম কৌশিক বৰাৰ জনপ্ৰিয় ছবি বৰনদী ভটিয়াইৰ প্ৰদৰ্শনীত উপস্থিত থাকে অসমৰ জনপ্ৰিয় কন্ঠ শিল্পী জুবিন গাৰ্গ । চলচিত্ৰ খন আৰম্ভ হোৱাৰ প্ৰাকখনত জুবিন গাৰ্গক আয়োজকৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷ লগতে কাঞ্চনজংঘাৰ প্ৰচাৰ চলোৱা জুবিন গাৰ্গে অসমত চিনেমা হলৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে ব্যৱস্থা গ্ৰহন কৰিবলৈ চৰকাৰৰ লগতে সকলোকে আহ্বান জনায় ৷

এই অনুষ্ঠানত উপস্থিত থাকে বিশ্বনাথ জিলাৰ উপায়ুক্ত পবিত্ৰ ৰাম খাউণ্ড, জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰোচন, ৰাজ্যৰ সাংস্কৃতিক সঞ্চালক বিষ্ণুপ্ৰসাদ বৰা, চিত্ৰশিল্পী নলিনী বৰুৱা, ৰাজহ চক্র বিষয়া বিশ্বজিৎ শইকীয়াকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি। আনহাতে সমাৰোহত আজি জয়চেং জয় দহোটীয়াৰ হান্দুক, ৰীমা বৰাৰ বকুল আৰু ভাস্কৰ হাজৰিকাৰ কথানদী প্ৰদৰ্শন কৰা হব।

মহোৎসৱৰ লগত সংগতি ৰাখি চিনেমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰতিদিনেই একোটাকৈ মাষ্টাৰ ক্লাছৰো আয়োজন কৰা হৈছে। ছৱি নিৰ্দেশনা, অভিনয়, চিত্ৰ-নাট্য ৰচনা আৰু চিত্ৰগ্ৰহণ – এই চাৰিটা বিষয়ত ৰাজ্য আৰু ৰাজ্যৰ বাহিৰৰ বিশেষজ্ঞ ব্যক্তিয়ে প্ৰশিক্ষণ আগবঢ়াবলগীয়া এই শ্ৰেণীসমূহ হব সম্পূৰ্ণ বিনামূলীয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in