বিশ্বনাথ জিলাৰ নতুন উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডৰ কাৰ্যভাৰ গ্ৰহণ

বিশ্বনাথ জিলাৰ নতুন উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডৰ কাৰ্যভাৰ গ্ৰহণ

ডিজিটেল সংবাদ উত্তৰ অসমঃ বিশ্বনাথ জিলাৰ নৱনিযুক্ত উপায়ুক্ত হিচাপে অসম অসামৰিক সেৱাৰ জ্যেষ্ঠ বিষয়া পৱিত্ৰ ৰাম খাউণ্ডে সোমবাৰে কাৰ্যভাৰ গ্ৰহণ কৰে। উপায়ুক্তৰ সভাকক্ষত আয়োজিত এক বিশেষ অনুষ্ঠানত বিদায়ী উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাৰ পৰা জিলাখনৰ প্ৰশাসনীয় মূৰব্বীৰ দায়িত্ব গ্ৰহণ কৰি নৱাগত উপায়ুক্তগৰাকীয়ে অনাগত দিনবোৰত প্ৰশাসনৰ কাম-কাজ সুকলমে চলোৱাৰ ক্ষেত্ৰত জিলাখনৰ প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীৰে সহায়-সহযোগিতা কামনা কৰে। অতিৰিক্ত উপায়ুক্ত দিগন্ত বৈশ্যৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ সভাত নতুন উপায়ুক্তগৰাকীক আদৰণি জনোৱাৰ লগতে বিদায়ী উপায়ুক্তগৰাকীক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনাও জনোৱা হয়।

জিলা প্ৰশাসনৰ লগতে নিৰ্বাচন বিভাগ, তথ্য আৰু জনসংযোগ আদি বিভিন্ন চৰকাৰী বিভাগৰ তৰফৰ পৰা বিদায়ী উপায়ুক্তগৰাকীক ফুলাম গামোচা আৰু শৰাইৰে বিদায় জনোৱাৰ লগতে নৱনিযুক্ত উপায়ুক্তগৰাকীক ফুলাম গামোচা, জাপি আদিৰে আদৰণি জনোৱা হয়। অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত প্ৰদীপ সূত্ৰধৰকে প্ৰমুখ্য কৰি বহুকেইগৰাকী বিষয়া আৰু কৰ্মচাৰীয়ে বিদায়ী উপায়ুক্তগৰাকীৰ লগত কাম কৰা সময়ৰ অভিজ্ঞতা ৰোমণ্ঠন কৰি বক্তব্য প্ৰদান কৰে।

বিশ্বনাথ জিলাৰ সমূহ বিষয়া-কৰ্মচাৰীৰ তৰফৰ পৰা বিদায়ী উপায়ুক্তগৰাকীক প্ৰদান কৰা এখন সম্বৰ্ধনা পত্ৰও সভাত পাঠ কৰা হয়। আজিৰ সভাত অতিৰিক্ত উপায়ুক্তদ্বয় পাৰভেজ আমিন আৰু পাৰিজাত ভূঞা, অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত সাৰথি বৰাকে ধৰি জিলাখনৰ প্ৰায়বোৰ চৰকাৰী বিভাগৰ বহুসংখ্যক বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in