শেহতীয়া খবৰ
বেলটত বন্দী হ'ল ২২নং মেৰবিল নাহৰকটীয়া ঠেঙাল কছাৰী স্বায়ত্ব শাসিত সমষ্টিৰ দুগৰাকী প্ৰাৰ্থীৰ ভাগ্য...  •  ব্যতিক্ৰম দৰাঃ বিবাহস্থলীত অতিথি অপ্যায়নৰ পৰিৱৰ্তে ব্যস্ত ৰক্ত দানত...  •  ভাস্কৰ্য শিল্পী দেৱকৃষ্ণ বৰুৱাৰ মহানুভৱতাত উজ্বলিল গোবিন্দপুৰ মজলীয়া বিদ্যালয়  •  ভাৰতীয় ৰে'লত সুৰক্ষিত নহয় যাত্ৰীঃ লামডিঙত অচেতন অৱস্থাত উদ্ধাৰ দুজন...  •  বৰমাৰ লোহিত মোছাহাৰীৰ বদন্যতাঃ নিজৰ পুথিভঁৰালৰ দুই সহস্ৰাধিক গ্ৰন্থ দান কৰিলে বড়ো থুনলাই আফাদক...  •  চুপাৰি চুৰিত অভিযুক্ত তিনিজনক জে'ললৈ প্ৰেৰণ....  •  ৪ শ্ৰমিকক আক্ৰমণ কৰা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা...  •  বাক্সাত তৰমুজৰ খেতি পৰিদৰ্শন বি টি আৰৰ কাৰ্যবাহী সদস্যৰ...  •  নগাঁৱত চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দঃ এজনক আটক...  •  সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাক সোঁৱৰণ অগপ,আছুৰ...

কোভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল বিশ্বনাথৰ যুৱকৰ !

ডিজিটেল সংবাদ বিশ্বনাথঃ বিশ্বনাথৰ ছোৱাগুৰিৰ বহাৰ আলি নামৰ এজন যুৱকে দ্বিতীয় পালি কোভিড ভেকচিন গ্ৰহণ কৰি অসুস্থ হোৱাৰ অভিযোগে এতিয়া বিশ্বনাথত তীব্ৰ জোকাৰণি তুলিছে।আভিযোগ মতে যোৱা ১৮ অক্টোবৰ তাৰিখে ছোৱাগুৰিৰ বাহাৰ আলি নামৰ ৩০ বছৰীয়া যুৱকজনে দ্বিতীয় পালি কোভিড ভেকচিন লোৱাৰ পাছতেই এখন ভৰি অচল হৈ পৰে ৷লগে লগে যোগাযোগ কৰা হ’ল বিশ্বনাথ অসামৰিক চিকিৎসালয়ত ৷

কিন্তু কোনো এজন চিকিৎসকে ফোন নধৰাৰ অভিযোগ ভুক্তভোগীৰ পৰিয়ালৰ ৷পৰৱৰ্তী দিনাও পুনৰ বাহাৰ আলি নামৰ যুৱকজনৰ আনখন ভৰি বিকল হৈ পৰাৰ লগে লগে ডিঙিৰ তলৰ সকলো অংশ বিকল হৈ পৰে ৷ফলত শুক্ৰবাৰে যুৱক জনক ভৰ্তি কৰোৱা হয় বিশ্বনাথ অসামৰিক চিকিৎসালয়ত ৷আৰু বৰ্তমান লোকজনে জীৱন মৃত্যুৰে যুঁজি আছে ৷

পৰিয়ালৰ অভিযোগ কোভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ বাবেই এই ঘটনা সংঘটিত হৈছে ৷কিয়নো ভেকচিন লোৱাৰ পূৰ্বে সম্পূৰ্ণ সুস্থ আছিল ভুক্তভোগী বাহাৰ আলি ৷আনহাতে চিকিৎসকৰ মতে এয়া ভেকচিন লোৱাৰ বাবে নহয় অন্য কাৰণতো হ’ব পাৰে। ৰোগীৰ যাবতীয় পৰীক্ষা কৰাৰ পিছতহে প্ৰকৃত কাৰণ পোহৰলৈ আহিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি