গহপুৰৰ বান পীড়িত অঞ্চলত কটনিয়ান জাগৰণ মঞ্চৰ চিকিৎসা শিবিৰ…

গহপুৰৰ বান পীড়িত অঞ্চলত কটনিয়ান জাগৰণ মঞ্চৰ চিকিৎসা শিবিৰ…

ডিজিটেল ডেস্কঃ বিশ্বনাথ চাৰিআলি জিলা প্ৰশাসনৰ উদ্যোগত আৰু কটনিয়ান জাগৰণ মঞ্চৰ সহযোগত যোৱা ১০ ছেপ্তেম্বৰত গহপুৰৰ বান পীড়িত অঞ্চলত আয়োজন কৰা হয় এটা চিকিৎসা শিবিৰ। গহপুৰৰ লোহিতমুখৰ সমগ্ৰ এলেকা সামৰি লোহিতমুখ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত বানপীড়িত লোকসকলক চিকিৎসা আগবঢ়োৱাৰ উপৰিও বিনামূলীয়া ঔষধ বিতৰণ কৰা হয়।

উল্লেখ্য যে, অবিভক্ত শোণিতপুৰ জিলা স্বাস্থ্য সমিতিৰ সৌজন্যত আৰু গহপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্যৰ সহযোগত অনুষ্ঠিত হোৱা এক বিশাল স্বাস্থ্য মেলাতে অনুষ্ঠিত কৰা হয় এই চিকিৎসা শিবিৰ। স্বাস্থ্যমেলাত অনুষ্ঠিত সভাত অংশ লয় অঞ্চলটোৰ সহস্ৰাধিক ৰাইজে।

মেলা খনৰ লগত সংগতি ৰাখি এখন প্ৰদৰ্শনীৰ ও ব্যৱস্থা কৰা হয়। এই মেলাত বিশেষজ্ঞ চিকিৎসক হিচাবে সেৱা আগবঢ়ায়-ডঃ নৰেন কুটুম (শিশু বিশেষজ্ঞ) , ডঃ ৰঞ্জিত কাৰী (স্ত্ৰী ও প্ৰসূতি ), ডঃ আশীষ আগৰৱালা (মেডিচিন), ডঃ কমলিনী বিশ্বাস (pathologist), ডঃ স্মৃতিৰেখা গগৈ (চকু বিশেষজ্ঞ), ডঃ এমো বালো আৰু ডঃ প্ৰিয়ম দাস (দন্ত চিকিৎসক), ডঃ ভাৰ্গব বৰদলৈ আদিকে ধৰি অন্যান্য কেইবাজনো চিকিৎসকে।

অনুষ্ঠানৰ লগত সংগতি ৰাখি কুইজ আৰু অন্যান্য স্বাস্থ্যৰ লগত জড়িত অনুষ্ঠানো আয়োজন কৰা হয়। এই অনুষ্ঠানত অংশ লয় কটন বিশ্ববিদ্যালয়ৰ কটন জাগৰণ মঞ্চৰ ত্ৰিনয়ন বৰুৱাৰ নেতৃত্বত হিৰক পাটোৱাৰী, হৃষিকেষ মেধি, চাও আইচেং ৰাজকোঁ‌ৱৰ আৰু চন্দন হাজৰিকাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in