বিশ্বনাথত ৫ শতাধিক প্ৰতিবাদকাৰীৰ সমদল… VIDEO

বিশ্বনাথত ৫ শতাধিক প্ৰতিবাদকাৰীৰ সমদল… VIDEO

ডিজিটেল সংবাদ, বিশ্বনাথঃ CITU, AIKS, AIDWA, DYFI আৰু SFI যৌথ আহ্বানত বিশ্বনাথত বিক্ষোভ সমাবেশ। বহু কেইটা দাবী উত্থাপন কৰি বিশ্বনাথত মঙলবাৰে অনুষ্ঠিত কৰা হয় এই বিক্ষোভ সমাবেশ।

মধ্যাহ্ন ভোজন আঁচনিক এন জি অ'ক দিয়াৰ সিদ্ধান্ত বাতিল কৰা, আচনিভুক্ত কৰ্মচাৰীক চৰকাৰী কৰ্মচাৰী হিচাবে স্বীকৃতি প্ৰদান কৰা,BPCLকে ধৰি দেশৰ ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰণ বন্ধ কৰা আৰু অসমৰ সম্পদ ব্যবহাৰ কৰি ব্যাপক কৰ্ম সংস্থাপন সৃষ্টি কৰা, মাটিৰ জৰিপ কৰি ভূমিহীনক মাটি প্ৰদান কৰা, মূল্যবৃদ্ধি ৰোধ কৰা আৰু কেন্দ্ৰ চৰকাৰৰ জন বিৰোধী নীতি প্ৰত্যাহাৰ কৰাৰ দাবীত পাঁচ শতাধিক প্ৰতিবাদকাৰীয়ে বিশ্বনাথ নগৰৰ পৰা সমদল কৰি বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ত বিক্ষোভ প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in