অবৈধ অৰুণাচলী সুৰাৰ বেহাঃ আৱকাৰী বিভাগৰ অভিযানত জব্দ…

অবৈধ অৰুণাচলী সুৰাৰ বেহাঃ আৱকাৰী বিভাগৰ অভিযানত জব্দ…
  • বিশ্বনাথ জিলা আৱকাৰী বিভাগৰ অভিযান।
  • অভিযানত বিহালী ডেকাপথাৰৰ পৰা জব্দ বৃহৎ পৰিমানৰ অবৈধ অৰুণাচলী সুৰা।
  • শোণিতপুৰ জিলাৰ আৱকাৰী অধীক্ষক দেৱজিৎ নাথৰ নেতৃত্বত আৰু বিশ্বনাথ জিলা আৱকাৰী বিভাগৰ সহযোগত চলিছিল এই অভিযান।
  • শনিবাৰে পুৱা এটা অভিযান কাৰী দলে গোপন সূত্ৰৰ পম খেদি অভিযান চলাই বিহালীৰ মোনাবাৰী চাহ বাগিচা অঞ্চলৰ ডেকা পথাৰত।
  • এই অভিযানত দলটোৱে জব্দ কৰে এই অৰুণাচলী সুৰাখিনি।
  • ইতিমধ্যে এই বৃহৎ পৰিমানৰ সুৰাখিনি আবকাৰী বিভাগৰ বিশ্বনাথ জিলাৰ কেম্পলৈ লৈ অনা হৈছে।
  • জব্দাকৃত সুৰাখিনিৰ অনুমানিক মূল্য প্ৰায় তিনি লক্ষ্যাধিক টকা হ'ব বুলি অনুমান কৰিব পাৰি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in