বিশ্বনাথ জিলা পৰিষদ আৰু গ্ৰামোন্নয়ন অভিকৰণৰ গুৰুত্বপূৰ্ণ বৈঠক

বিশ্বনাথ জিলা পৰিষদ আৰু গ্ৰামোন্নয়ন অভিকৰণৰ গুৰুত্বপূৰ্ণ বৈঠক

ডিজিটেল সংবাদ, উত্তৰ অসমঃ বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাগৃহত জিলা গ্ৰামোন্নয়ন অভিকৰণ আৰু জিলা পৰিষদৰ দুখন গুৰুত্বপূৰ্ণ বৈঠকৰ লগতে নৱগঠিত বিশ্বনাথ জিলা পৰিষদৰ প্ৰথমখন সাধাৰণ সভা সোমবাৰে অনুষ্ঠিত হৈ যায় ।বিশ্বনাথ জিলা উপায়ুক্ত ধীৰাজ জ্যোতি কলিতাৰ সঞ্চালনাত অনুষ্ঠিত এই তিনিওখন সভাত মুখ্য অতিথিৰূপে ৰাজ্যৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম তথা সংখ্যালঘু উন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্ত উপস্থিত থকাৰ লগতে বিশ্বনাথ আৰু গহপুৰ আৰু চতিয়া সমষ্টিৰ বিধায়কত্ৰয় ক্ৰমে প্ৰমোদ বৰঠাকুৰ, উৎপল বৰা আৰু পদ্ম হাজৰিকাও উপস্থিত আছিল।

জিলা গ্ৰামোন্নয়ন অভিকৰণৰ উদ্যোগত অনুষ্ঠিত প্ৰথমখন বৈঠকত ২০১৮-১৯ বৰ্ষৰ বাবে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি, চমুকৈ এম জি এনৰেগাৰ বাৰ্ষিক কৰ্ম আঁচনিত অনুমোদন জনোৱা হয়। দ্বিতীয়খন বৈঠকত ২০১৮-১৯ বৰ্ষত ৰূপায়ণ কৰিবলগীয়া চতুৰ্দশ বিত্ত আয়োগৰ অধীনৰ ২০১৬-১৭ বৰ্ষৰ আঁচনিসমূহত অনুমোদন লাভ কৰা হয়।

বৈঠকত চতুৰ্দশ বিত্ত আয়োগৰ অধীনৰ আঁচনিসমূহৰ কামৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে আঁচনিসমূহ সঠিকভাৱে আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।বৈঠকতে চতুৰ্দশ বিত্ত আয়োগৰ অধীনত জিলা পৰ্যায়ৰ উপদেষ্টা তথা নিৰীক্ষণ সমিতি আৰু সাতটা উন্নয়ন খণ্ডৰ বাবে সাতখনকৈ খণ্ড পৰ্যায়ৰ উপদেষ্টা তথা নিৰীক্ষণ সমিতিও গঠন কৰা হয়।

দুপৰীয়া নৱগঠিত বিশ্বনাথ জিলা পৰিষদৰ প্ৰথমখন সাধাৰণ সভা আহ্বান কৰা হয়। মন্ত্ৰী ৰঞ্জিত দত্ত আৰু বিশ্বনাথ, গহপুৰ তথা চতিয়া সমষ্টিৰ বিধায়ক কেইজনৰৰ উপস্থিতিত এই সভাত ২০১৮-১৯ বৰ্ষৰ বাবে বিশ্বনাথ জিলা পৰিষদৰ বাৰ্ষিক বাজেটত অনুমোদন জনোৱা হয়। সভাত নৱগঠিত জিলা পৰিষদখনে হাতত লোৱা বিভিন্ন কাম-কাজ সম্পৰ্কে আলোচনা কৰাৰ লগতে পৰিষদখনৰ আন্তঃগাঁথনি সম্বন্ধীয় দিশসমূহো আলোচিত হয়।

জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক তথা বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ ভাৰপ্ৰাপ্ত দায়িত্বত থকা জ্যেষ্ঠ অতিৰিক্ত উপায়ুক্ত দিগন্ত বৈশ্যই শলাগৰ শৰাই আগবঢ়োৱা এই সভাকেইখনত জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ লগতে বিশ্বনাথ জিলাৰ আটাইকেইটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল আৰু খণ্ড উন্নয়ন বিষয়াসকলে অংশগ্ৰহণ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in