মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ গাড়ীৰ খুন্দাত দুজনৰ মৃত্যু হোৱাৰ পাছত উত্তপ্ত পৰিস্থিতি বিশ্বনাথৰ বাঘমাৰিত…

ডিজিটেল ডেস্কঃ বিশ্বনাথৰ বাঘমাৰিত পথ দুৰ্ঘটনা সংঘটিত কৰিয়েই পলালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়। লখিমপুৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি উভতি আহিছিল মন্ত্ৰী শৰ্মাৰ কনভয়। নিশা প্ৰায় ৮.৩০ মান বজাত সংঘটিত হৈছিল এই দুৰ্ঘটনা।

এই দুৰ্ঘটনাত মন্ত্ৰী শৰ্মাৰ কনভয় গাড়ীয়ে খুন্দা মাৰে এখন বাইকত। বাইকখনত থকা দুয়োজন আৰোহীয়ে এই দুৰ্ঘটনাত নিহত হয়। নিহত দুজন ক্ৰমে- বিপুল মাঝিৰ আৰু সুচেন জগদুলা। আহত জনৰ নাম শচীন গোৱালা। আহত জনক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ।

এই দুৰ্ঘটনাৰ পাছতেই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দুৰ্ঘটনাস্থলীত। স্থানীয় লোকে ইতিমধ্যে এই ঘটনাৰ বাছত ৰাজপথলৈ ওলাই আহি সাব্যস্ত কৰিছে প্ৰতিবাদ। দুৰ্ঘটনা সংঘটিত কৰি মন্ত্ৰীজনৰ কনভয়ে আঁতৰি যোৱা ঘটনাক সহজভাৱেলোৱা নাই ৰাইজে।

মন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ লগতে কনভয়ত আছিল তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস। তিনিজন লোকেই একেখন বাইকত উঠি আহি আছিল। অতি দ্ৰুতবেগত যোৱা এই কনভয়ৰ গাড়ীৰ খুন্দাত দুজনকৈ লোকৰ মৃত্যু হোৱাৰ পাছতো কিয় দুৰ্ঘটনাস্থলীত ৰৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খবৰ নল'লে বুলি ৰাইজে প্রশ্ন কৰিছে। তাৰপাছতেই দুৰ্ঘটনাস্থলীত উত্তপ্ত হৈ পৰে পৰিস্থিতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in