বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২জন

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ২জন

ডিজিটেল সংবাদ, বিশ্বনাথঃ দেওবাৰে নিশা প্ৰায় ৯ বজাত বিশ্বনাথৰ জিনজিয়া থানাৰ অন্তৰ্গত বিহুপুখুৰীত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়৷ জানিব পৰা মতে বিশ্বনাথৰ ফালৰ পৰা গৈ থকা অৱস্থাত এখন অৰুণাচলৰ এআৰ-০১-এম-১৮৭৯ নম্বৰৰ স্ক'ৰপিঅ'ই অভাৰটেক কৰিবলৈ গৈ দুজন পথচাৰীক খুন্দিয়াই।

এই দুৰ্ঘটনাৰ ফলত দুয়োজন ব্যক্তি থিতাতে নিহত হয়৷ জানিব পৰা মতে ব্যক্তি দুজন স্থানীয় মোনাবাৰীৰ নিমবাৰীৰ দীপক মুণ্ডা (৩০)আৰু নিউ লাইনৰ হোপনেছ সিং(৩৫)।

দুয়োজন লোকৰে মৃতদেহ বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালীলৈ প্ৰেৰণ কৰা হৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in