শেহতীয়া খবৰ
ধূপধৰাৰ ধানবৰীত বাঁহৰ সাঁকোৰ পৰা পৰি মৃত্যু এজনৰ  •  লালুকত অভিৰুচি শিল্পী সৈনিকৰ নাট কৰ্মশালা সম্পন্ন  •  ধূপধৰাত দ্বিতীয় বাৰ্ষিক বায়খো উৎসৱ উদযাপন, জলন্ত অঙঠাৰ ওপৰত নৃত্য প্ৰদৰ্শন  •  সুদুৰ ম্যানমাৰৰ পৰা আহি অসমৰ জোঁৱাই হ'ল অবৈধ ৰোহিংগা, আদালত চৌহদত বিষ্ফোৰক স্বীকাৰোক্তি, VIDEO  •  ধূপধৰাত কবৰ খান্দি আৰক্ষীয়ে উদ্ধাৰ কৰিলে শিশুৰ মৃতদেহ, পানীত পৰি মৃত্যু হোৱাৰ পিছত জনোৱা নাছিল আৰক্ষীক  •  কাৰ আশীৰ্বাদত বৰাকত চলিছে অবৈধ সাৰৰ চিণ্ডিকেট, আৰক্ষীৰ অভিযানত শুকুৰবাৰে নিশা জব্দ ২৮ খন সাৰভৰ্তি ট্ৰাক  •  বঙাইগাঁৱৰ সিদলসতীত ৰাইজে কৰায়ত্ত কৰিলে ডকাইত, VIDEO  •  গৰৈমাৰীত আছুৰ বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ  •  দক্ষিণ কামৰূপত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰ-কলহীৰ জলপৃষ্ঠঃ একাংশ উভতিছে নিজা ঘৰলৈ, অধিকাংশ দুৰ্গত এতিয়াও গৰু-ছাগলীৰ সৈতে আশ্ৰয় শিবিৰ, ওখ-ভেটিত  •  ওদালগুৰিত ২১৯ কৃৰ্তী শিক্ষাৰ্থীক আছুৰ অভিনন্দনঃ বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰ দাবী, অসমত শিক্ষাৰ নামত ৰাজনীতি-ব্যৱসায় চলোৱাৰো অভিযোগ সংগঠনটোৰ

বিশ্বনাথত হাতে হাতে ধনু-কাৰ লৈ উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও আছাৰ, VIDEO

জনজাতিকৰণ, নাগৰিকত্ব সংশোধনী বিধেয়কৰ দাবীত এই প্ৰতিবাদ...

252

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথত মঙলবাৰে আছাৰ বৃহৎ প্ৰতিবাদ। জনজাতিকৰণৰ দাবীত ২০০৭ চনত গুৱাহাটীতৰ বেলটলা কাণ্ডত নিৰ্যাতিত হোৱা লক্ষ্মী ওৰাঙৰ নেতৃত্বত মঙলবাৰে পুনৰ বিশ্বনাথৰ ৰাজপথ তথা বিশ্বনাথৰ উপায়ুক্তৰ কাৰ্যলয় কঁপালে সহস্ৰাধিক আছাৰ প্ৰতিবাদকাৰীয়ে।

লক্ষ্মী ওৰাঙৰ নেতৃত্বত হাতে হাতে ধনু-কাৰ লৈ বিশ্বনাথৰ কুৱঁৰী গাঁৱৰ পৰা প্ৰায় তিনি সহস্ৰাধিক লোকে সমদল কৰি আহি বিশ্বনাথৰ উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰে প্ৰতিবাদকাৰী সকলে। অসম চৰকাৰ হুছিয়াৰ,অসম চৰকাৰ মূৰ্দাবাদ,হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি নচলিব ইত্যাদি শ্ল’গান প্ৰদৰ্শন কৰি বিশ্বনাথৰ উপায়ুক্তৰ কাৰ্যলয়ৰ সন্মুখত আকাশ-বতাহ কঁপাই তোলে প্ৰতিবাদকাৰী সকলে।

এই প্ৰতিবাদৰ জড়িয়তে প্ৰতিবাদকাৰী সকলে দাবী জনাই যে- যিকোনো প্ৰকাৰে জনজাতিকৰণ চৰকাৰে আমাক দিবই লাগিব, লক্ষ্মী ওৰাঙক ন্যায় প্ৰদান কৰিবই লাগিব, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰিবই লাগিব, অন্যথা পৰিস্থিতি বেয়া হ’ব বুলি বিশ্বনাথ উপায়ুক্তৰ জড়িয়তে স্মাৰ্কপত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰী সকলে অসম চৰকাৰলৈ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি