বিশ্বনাথ জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ সবিশেষ

বিশ্বনাথ জিলাৰ পঞ্চায়ত নিৰ্বাচনৰ সবিশেষ

ডিজিটেল সংবাদ, উত্তৰ অসমঃ বিশ্বনাথ জিলাৰ দুটা মহকুমা বিশ্বনাথ সদৰ আৰু গহপুৰত যোৱা ৫ ডিচেম্বৰত অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আনুষ্ঠানিকভাবে ঘোষণা কৰা হৈছে। জিলাখনৰ বিভিন্ন পৰ্যায়ৰ মুঠ ৯২৫ খন পঞ্চায়ত আসনৰ ভিতৰত এইবাৰ ৮৬৪ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। ইয়াৰে ৬১ গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছিল। তাৰ ভিতৰত ২ গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য, ৩ গৰাকী গাওঁ পঞ্চায়তৰ সভাপতি আৰু ৫৬ গৰাকী গাওঁ পঞ্চায়তৰ সদস্য। নিৰ্বাচন অনুষ্ঠিত হোৱা ৮৬৪ খন আসনৰ ভিতৰত অসম গণ পৰিষদে ১১খন, ভাৰতীয় জনতা পাৰ্টীয়ে ৭১০খন, ভাৰতীয় জাতীয় কংগ্ৰেছে ১১৮খন, বড়োলেণ্ড পিপলচ ফ্ৰন্টে ১৫খন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ৯খন আসন লাভ কৰে। গহপুৰ মহকুমাৰ অধীনৰ গাওঁ পঞ্চায়তৰ সদস্যৰ এখন আসনৰ ফলাফল স্থগিত ৰখা হৈছে।

বিশ্বনাথ জিলাত মুঠ ১৩খন জিলা পৰিষদৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু এই কেউখন আসনেই লাভ কৰে ভাৰতীয় জনতা পাৰ্টীয়ে। জিনজিয়া জিলা পৰিষদ সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী অজয় দাসে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ভাৰতীয় জাতীয় কংগ্ৰেছৰ নয়নলাল শৰ্মাক ৪৯৯৭টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

একেদৰে বৰগাং জিলা পৰিষদ সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ৰঞ্জনজ্যোতি দাসে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাধৱ দাসক ৫৩৫৩টা ভোটত, বৰপথাৰ জিলা পৰিষদ সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী প্ৰবিন হাঞ্চেই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ভাৰতীয় জাতীয় কংগ্ৰেছৰ সঞ্জয় বসুমতাৰীক ৩৮৬২টা ভোটত, নিজ বিহালী জিলা পৰিষদ সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী দিপীকা দেৱী ঢাকালে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ভাৰতীয় জাতীয় কংগ্ৰেছৰ অমি বৰা সিঙক ৫৪৯৮টা ভোটত, মোনাবাৰী জিলা পৰিষদ সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী তৰুণ তাঁতীয়ে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰঞ্জিত মহানন্দক ৬৭৯১টা ভোটত পৰাস্ত কৰে।

ঠিক তেনেদৰে পাভৈ জিলা পৰিষদ সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী গায়ত্ৰী কুৰ্মীয়ে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰূপ্ৰা প্ৰজা চৱৰক ৩৮৩৮টা ভোটত, চতিয়া জিলা পৰিষদ সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ধনদা গগৈয়ে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰেচমা আনচাৰীক ১৬৮৪টা ভোটত, নাগশংকৰ জিলা পৰিষদ সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হিতেশ বৰুৱাই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৈলাস বৰাক ৫৭৯৯টা ভোটত আৰু বিশ্বনাথ জিলা পৰিষদ সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী সত্যেন্দ্ৰ হাজৰিকাই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰঞ্জন ভূ়ঞাক ২৪৯টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি নিৰ্বাচিত হয়।

নিৰ্বাচন অনুষ্ঠিত হোৱা আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ৭৪খন আসনৰ ৬৮খন ভাৰতীয় জনতা পাৰ্টীয়ে, ৫খন ভাৰতীয় জাতীয় কংগ্ৰেছে আৰু এখন আসন নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰে।

জিলাখনত গাওঁ পঞ্চায়তৰ সভাপতিৰ ৭৩খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল। তাৰে ভাৰতীয় জনতা পাৰ্টীয়ে ৬৭খন, ভাৰতীয় জাতীয় কংগ্ৰেছে ৫খন আৰু বড়োলেণ্ড পিপলচ ফ্ৰন্টে এখন আসন লাভ কৰে।

৭০৪ গৰাকী গাওঁ পঞ্চায়তৰ সদস্যৰ বাবে অনুষ্ঠিত নিৰ্বাচনত অসম গণ পৰিষদৰ ১১গৰাকী, ভাৰতীয় জনতা পাৰ্টীৰ ৫৬২ গৰাকী, ভাৰতীয় জাতীয় কংগ্ৰেছৰ ১০৮ গৰাকী, বড়োলেণ্ড পিপলচ ফ্ৰন্টৰ ১৪ গৰাকী আৰু নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বীতা কৰা ৮গৰাকী প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in