বিশ্বকৰ্মা পূজাঃ বজাৰত উভৈনদী পূজাৰ সামগ্ৰী, নাই মাথোঁ ক্ৰেতা, চাওঁক ভিডিঅ’

বিশ্বকৰ্মা পূজাঃ বজাৰত উভৈনদী পূজাৰ সামগ্ৰী, নাই মাথোঁ ক্ৰেতা, চাওঁক ভিডিঅ’

ডিজিটেল সংবাদ, গুৱাহাটীঃ বিশ্বকৰ্মা পূজা উপলক্ষে ফুল আৰু পূজা সামগ্ৰীৰ এখন বৃহৎ মহানগৰীৰ বিভিন্ন অঞ্চলত গঢ় লৈ উঠিছে। য'ত থলুৱাভাৱে উৎপাদন কৰা ফুল আৰু অন্যান্য পূজাৰ বাবে আৱশ্যকীয় সামগ্ৰীসমূহ বিক্ৰীৰ বাবে অনা হয়।

এইবাৰ বিশ্বকৰ্মা পূজা উপলক্ষে থলুৱা এনে ফুল তথা আন পূজা সামগ্ৰীৰে মহানগৰীৰ বজাৰ ভৰি পৰিছে। 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ সাংবাদিক উপস্থিত হৈছিলগৈ কাছাৰীৰ এনে এখন বজাৰত।

বজাৰখনৰ ব্যৱসায়ীসকলে জানিবলৈ দিয়া মতে, আন বাৰৰ তুলনাত এইবাৰ পূজাৰ সামগ্ৰীসমূহৰ বিক্ৰী যথেষ্ট হ্ৰাস পাইছে। আজি পুৱা যথেষ্ট সংখ্যাক সামগ্ৰী  লৈ বজাৰত বিক্ৰেতাসকল গ্ৰাহকৰ অপেক্ষাত ৰৈ আছিল যদিও, সেই অনুসৰি ভিৰ দেখা পোৱা নগ'ল এই বজাৰত।

যাৰবাবে যথেষ্ট লোকচানৰ সমুখীন হ'বলগা হৈছে এইসকল থলুৱা ব্যৱসায়ী।আনকি, আধা দামতেই কিছুমান সামগ্ৰী বিক্ৰী কৰিব লগা হৈছে তেওঁলোকে। ফলত এজন ব্যৱসায়ীয়ে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ সাংবাদিকক কি ক'লে-

ইফালে, ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে হাজোৰ পৰা অহা এই সামগ্ৰীসমূহৰ দৃশ্য চাওঁক-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in