বিশ্বকৰ্মাৰ বজাৰঃ কি বস্তুৰ কিমান দাম?

বিশ্বকৰ্মাৰ বজাৰঃ কি বস্তুৰ কিমান দাম?

ডিজিটেল ডেস্কঃ সোমবাৰে বিশ্বকৰ্মা পূজা। পূজাৰ প্ৰস্তুতি চলিছে সৰ্বত্ৰে। বজাৰ-সমাৰত যথেষ্ঠ ভিৰ। বিশেষকৈ পূজাৰ সামগ্ৰী ক্ৰয়ৰ বাবে ভিন্ন জনে ভিৰ কৰিছে। পূজা্ৰ বায়ে প্ৰয়োজনীয় পূজাৰ সামগ্ৰীৰ উপৰিও নৈবদ্য ক্ৰয়ৰ বাবে এইদৰে দোকানত শাৰী পাতিছে অনেক জনে।

ইফালে, মহানগৰীৰ বজাৰত দেওবাৰে ফুলৰ মালা, কলপুলি, পদুমৰ কলি, ফল-মূল, মাটিৰ চাকি আদিৰে ভৰি পৰিছে। মহানগৰীৰ বজাৰত দেওবাৰে বিশ্বকৰ্মা পূজা উপলক্ষে সামগ্ৰী সমূহৰ দাম আছিল এনে ধৰণৰ-

বিশ্বকৰ্মা মূৰ্তিঃ ১৫০টকা-৫০০০টকালৈ (আকৃতি অনুসৰি)

মাটি টেকেলীঃ ৩০-৩৫টকা।

মাটিৰ ধূনা বাতিঃ ৪০-৪৫টকা।

পদুমৰ কলিঃ এটাত ৫টকা।

কলপুলিঃ ২০০টকাত ৪টা।

মাটিৰ চাকিঃ ১টকা-৫টকালৈ (আকৃতি অনুসৰি)

কেচা ফুলৰ মালাঃ একোচাত ৫০০টকা।

প্লাষ্টিকৰ মালাঃ ৫০টকাৰ পৰা আৰম্ভ।

বেলপাতঃ এমুঠাত ১০ টকা।

আমপাতঃ এমুঠাত ২০ টকা।

পঞ্চপল্লভঃ এমুঠিত ৫০টকা।

তুলসীৰ আগঃ এমুঠিত ১০টকা।

দুৱৰিঃ এমুঠি ১০টকা।

হোমৰ খৰিঃ ৩০টকা।

আপেলঃ প্ৰতি কিলো ১০০টকা।

ডালিমঃ প্ৰতি কিলো ১২০ টকা।

ৰবাব টেঙাঃ ৩০ টকা।

মৌচুমীঃ প্ৰতি কিলো ১৫০টকা।

কলঃ ৮০টকাত এক আশি। (চেনিকল)

কুঁহিয়াৰঃ প্ৰতিডালত ৩০ টকা।

কেচা নাৰিকলঃ প্ৰতিটোত ৩০ টকা।

আনাৰসঃ ১০০টকা যোৰা।

নাস্পতিঃ প্ৰতি কিলোত ১০০ টকা।

মধুৰীআমঃ প্ৰতি কিলোত ১০০ টকা।

বুটঃ ৭০টকা-৮০টকালৈ প্ৰতি কিলোত।

মগুঃ ৮৫টকা প্ৰতি কিলোত।

কাবুলী বুটঃ ৯৬ টকা প্ৰতি কিলোত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in