আজি বিশ্বকৰ্মা পূজা

আজি বিশ্বকৰ্মা পূজা

ডিজিটেল ডেস্কঃ আজি বিশ্বকৰ্মা পূজা। নিৰ্মাণ-সৃজনৰ দেৱতা দেৱশিল্পৰ আৰাধনা চলিছে চৌদিশে। বিশ্বকৰ্মাৰ আৰাধনা আৰু জয় ধ্বনিৰে মুখৰিত হৈছে  আকাশ-বতাহ। মহানগৰীত এইবাৰ বিশ্বকৰ্মা পূজাৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। অগণন পূজাস্থলীত চলিছে দেৱশিল্পী বিশ্বকৰ্মাৰ আৰাধনা।

জনবিশ্বাস আছে- এই দেৱশিল্পীয়ে নিৰ্মাণ কৰিছিল ইন্দ্ৰপুৰি, স্বৰ্গলোক, যমপুৰি আদি দৃষ্টিনন্দন ৰৈম্যপীঠ। বিশ্বখনিকৰ পূজা উপলক্ষে ৰাজ্যৰ কল-কাৰখানা, উদ্যোগ-প্ৰতিষ্ঠান, গেৰেজ, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানত ভীষণ ব্যস্ততাই বিৰাজ কৰিছে।

কালিৰে পৰা ধুই পখালি চিকুণাই তোলা হৈছে কল-কাৰখানাৰ যন্ত্ৰ। ইতিমধ্যে, বিশ্ব খনিকৰৰ আৰাধনা আৰম্ভ হৈছে। সমগ্ৰ ৰাজ্যতে এতিয়া এইদৰে চলিছে বিশ্বকৰ্মা পূজা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in