ডিজিটেল ডেস্কঃ আজি নিৰ্মাণ-সৃজনৰ দেৱতা বিশ্বকৰ্মা পূজা। বিশ্বখনিকৰৰ আৰাধনাৰে মুখৰিতে হৈ পৰিছে আকাশ-বতাহ। গুৱাহাটী মহানগৰীৰো বিভিন্ন স্থানত বিশ্বকৰ্মা পূজা উদযাপন কৰিছে ভক্তসকলে।
ইয়াৰ লগতে পূজাৰ দিনা গুৱাহাটীস্থিত একমাত্ৰ বিশ্বকৰ্মা মন্দিৰত দেখা গৈছে ভক্তপ্ৰাণ ৰাইজৰ ভিৰ। অগণন ভক্তই ধূপ-ধূনা, চাকি-বন্তি জ্বলাই দেৱশিল্পীগৰাকীৰ শৰাণাপন্ন হৈছে। মন্দিৰৰ বাহিৰৰ পৰা লানি নিছিগা ভিৰ দেখিবলৈ পোৱা গৈছে ভক্তপ্ৰাণ ৰাইজৰ। চাওঁক ভিডিঅ'-
'সাদিন-প্ৰতিদিন' গোষ্ঠীৰ সাংবাদিক কাৰিকৰী কৰ্মচাৰীয়ে গোষ্ঠীটোৰ স্বত্তাধিকাৰ পক্ষৰ সহযোগত বামুণীমৈদামস্থিত ছপাশালত প্ৰতিবছৰৰ দৰে এইবাৰো আয়োজন কৰিছে বিশ্বকৰ্মা পূজাৰ। পূজা আৰম্ভ হোৱাৰ প্ৰাকক্ষণত মূৰ্তি স্থাপন কৰি বন্তি প্ৰজ্বলন কৰে পুৰোহিতে।
ইতিমধ্যে পূজাত বহিছে গোষ্ঠীটোৰ সঞ্চালক ঋষি বৰুৱা, মহাপ্ৰবন্ধক মৃণ্ময় দে', স্বত্তাধিকাৰৰ জয়ন্ত বৰুৱাৰ মাতৃ তথা পৰিয়ালবৰ্গ প্ৰমুখ্যে 'সাদিন-প্ৰতিদিন', প্ৰতিদিন টাইম, সাতসৰী, নন্দিনীকে ধৰি প্ৰকাশনসমূহৰ সাংবাদিক, সংবাদকৰ্মী আৰু কাৰিকৰী কৰ্মচাৰী সকল।