বিশ্বকৰ্মা আৰু দূৰ্গা পূজাকলৈ এক বিশেষ নিৰ্দেশনা,কি আছে নিৰ্দেশনাত…

বিশ্বকৰ্মা আৰু দূৰ্গা পূজাকলৈ এক বিশেষ নিৰ্দেশনা,কি আছে নিৰ্দেশনাত…

ডিজিটেল ডেস্ক : কোৰোনাৰ ভয়াবহতাৰ মাজতে উদযাপন কৰা হব পূজা । বিশ্বকৰ্মা পূজা আৰু দূৰ্গা পূজাকলৈ এক বিশেষ নিৰ্দেশনা ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগৰ ।

এই নিৰ্দেশনা সমূহ হ'ল- পূজা পেণ্ডেলৰ আশে পাশে লগাব নোৱাৰিব কোনোধৰনৰ মেলা ।অস্থায়ী পেণ্ডেল দিব নোৱাৰিব পথৰ কাষত । পূজা পেণ্ডেলত ৩০ জনতকৈ অধিক লোক সমাবেশ হব নোৱাৰিব । সামাজিক দূৰত্ব মানি ২০ ভক্ত উপস্থিত থাকিব পাৰিব পূজা মণ্ডবত ।

মুৰ্তি বিসৰ্জনৰ বাবে কোনো সমদল উলিয়াব নোৱাৰিব ।৫ জন লোকে প্ৰতিমা বিসৰ্জনত অংশ লব পাৰিব । প্ৰতিখন পূজা মণ্ডৱত থাকিব লাগিব থাৰ্মেল স্কেনিংৰ ব্যবস্থা । পূজা মণ্ডৱ সমূহত মাস্ক পৰিধান নকৰাকৈ আৰু ছেনিটাইজ নকৰাকৈ প্ৰবেশ কৰিব নোৱাৰিব । পূজা মণ্ডৰ সমিতিয়ে হেণ্ডৱাছ,ছেনিটাইজাৰৰ ব্যৱস্থা কৰিব লাগিব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in