নিৰ্মাণ-সৃজনৰ দেৱতাৰ আৰাধনাত ব্যস্ত সকলো…

নিৰ্মাণ-সৃজনৰ দেৱতাৰ আৰাধনাত ব্যস্ত সকলো…

ডিজিটেল ডেস্কঃ বুধবাৰে বিশ্বকৰ্মা পূজা। দেশৰ লগতে ৰাজ্য তথা গুৱাহাটী মহানগৰীত পালন কৰা হৈছে বিশ্বকৰ্মা পূজা। চৌদিশে দেখিবলৈ পোৱা গৈছে বিশ্বকৰ্মাৰ আৰাধনা। নিৰ্মাণ-সৃজনৰ দেৱতাৰ আৰাধনাত ব্যস্ত সকলো লোক।

বিশ্বকৰ্মাৰ আৰাধনা আৰু জয় ধ্বনিৰে মুখৰিত হৈছে আকাশ-বতাহ। আন বছৰসমূহৰ দৰেই এইবৰ্ষতো গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে শতাধিক পূজাৰ আয়োজন। অগণন পূজাস্থলীত চলিছে দেৱশিল্পী বিশ্বকৰ্মাৰ আৰাধনা।

বিশ্বকৰ্মা উপলক্ষ্যে কল-কাৰখানা, উদ্যোগ-প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানত দেখিবলৈ পোৱা গৈছে ব্যস্ততা। জাক-জমকতাৰে বিশ্বকৰ্মা পূজা উদ্‌যাপনৰ প্ৰস্তুতি চলাইছে সকলো লোকে। লগতে সজাই পৰাই তোলা হৈছে বিশ্বকৰ্মা পূজাৰ মণ্ডপ সমূহো।

আন বছৰসমূহৰ দৰেই বিশ্বকৰ্মা পূজা উপলক্ষে নীলাচল পাহাৰৰ নামনিত থকা উত্তৰ-পূবৰ একমাত্ৰ বিশ্বকৰ্মা মন্দিৰতো আয়োজন কৰা হৈছে পূজাৰ। জনবিশ্বাস আছে- এই দেৱশিল্পীয়ে নিৰ্মাণ কৰিছিল ইন্দ্ৰপুৰি, স্বৰ্গলোক, যমপুৰি আদি দৃষ্টিনন্দন ৰম্যপীঠ।

মঙলবাৰে সন্ধিয়া পৰ্যন্ত মহানগৰীৰ প্ৰতিখন বজাৰতে দেখিবলৈ পোৱা যায় গ্ৰাহকৰ ভিৰ। বিশ্বকৰ্মাৰে মূৰ্তিৰে ভৰি থকা দেখিবলৈ পোৱা যায় প্ৰতিখন বজাৰ। আনহাতে ফুলৰ বজাৰ তথা ফলমূলৰ লগতে পূজাত ব্যৱহৃত নৈবেদ্যৰ বজাৰতো মঙলবাৰে সন্ধিয়াৰ ভাগৰলৈকে দেখিবলৈ পোৱা যায় গ্ৰাহকৰ ভিৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in